*
W7s news,,,, গুৱাহাটী: নৃত্যাচাৰ্য পদ্মশ্ৰী যতীন গোস্বামীৰ শিষ্যা ডিম্পী বৈশ্যই গুজৰাট ৰাজ্য চৰকাৰ তথা ভাৰত চৰকাৰৰ দ্বাৰা আয়োজিত "উত্তৰাৰ্দ্ধ উৎসৱ ২০২৩"ত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয়৷ যোৱা ২২ জানুৱাৰীত গুজৰাটৰ মধেৰাৰ সূৰ্য মন্দিৰত এই নৃত্যোৎসৱ অনুষ্ঠিত হয়৷ আনহাতে, যোৱা ২১ ডিচেম্বৰত ভূৱনেশ্বৰৰ ভনজা কলা মন্দিৰত অনুষ্ঠিত হোৱা "দেৱদাসী নৃত্য উৎসৱ ২০২২"ত নৃত্যশিল্পী গৰাকীক "শশীমণি দেৱদাসী ৰাষ্ট্ৰীয় পুৰস্কাৰ"ৰে সন্মানিত কৰা হয় ৷
No comments:
Post a Comment