অসমত খাদ্য সংসাধীকৰণ খণ্ডত উদ্যোগীকৰণ সুযোগ বিকশিত কৰা আৰু উন্নয়নৰ বাবে ক্ৰমবৰ্ধমান উত্তৰ পূৱ-বিকাশ ৰণনীতি সমীক্ষা
উত্তৰ পূব হৈছে দেশৰ ভিতৰত দ্ৰুত গতিত বিকশিত প্ৰান্ত-বিমল বৰা
W7s news,,,, গুৱাহাটী : এছ’চিয়েটেড চেম্বাৰ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি অব ইণ্ডিয়া (এছ’চেম) ৰ উদ্যোগত মঙলবাৰৰ পৰা গুৱাহাটীত আৰম্ভ হৈছে ইমাৰ্জিং নৰ্থ ইষ্ট প্ৰদৰ্শনীৰ। এই প্ৰদৰ্শনীৰ মুকলি কৰি অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰাই কয়- সকলো বস্তু বিশ্বত সম্ভৱ। উত্তৰ-পূব হৈছে দেশৰ ভিতৰত দ্ৰুত গতিত বিকশিত প্ৰান্ত। প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূবক প্ৰাধান্য দিছে। উত্তৰ-পূবত কেঁচা সামগ্ৰী বহুত ভঁৰাল আছে। উত্তৰ- পূবত বাণিজ্যৰ বাবে অশেষ কেঁচা সামগ্ৰীৰ ভঁৰাল আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমক সকলো দিশত আগুৱাই নিয়াৰ বাবে কাম কৰিছে। নতুন উদ্যোগিক পলিচি গ্ৰহণ কৰা হৈছে অসমত। উদ্যোগিক সকলৰ প্ৰতি লক্ষ্য কৰিয়ে কৰা হৈছে। ১০০কোটি অসমত বিনিয়োগ কৰা হৈছে। আত্ম সহায়ক গোটৰো।সদস্য সদস্যা আছে। অসমক আগুৱাই নিয়াত তেওঁলোকৰ ভূমিকা বহু ভূমিকা আছে। অসমত উদ্যোগৰ এক বাতাবৰণ গঢ় লৈ উঠিছে। অসমত বিদ্যুৎৰ নাটনিয়ে দেখা দিছিল যদিও এতিয়া সেইটো নাইকিয়া হৈ আছে। ২৩.৩০ ঘণ্টাই যোগান ধৰিব পাৰিম আগন্তুক ২বছৰত। বিদ্যুৎৰ নাটনি নাইকিয়া কৰিবলৈ উত্তৰ পূব চৰকাৰৰ সৈতে চুক্তি সাক্ষাৰ কৰা হৈছে।'গুৱাহাটীত এই দুদিনীয়া সন্মিলনী সভাৰ প্ৰথম দিনা খণ্ডটোক শক্তিশালী কৰি তুলিবলৈ আৰু অঞ্চলটোৰ বিকাশত সহায়ক হোৱাত নিজা শক্তি আৰু সুযোগ প্ৰদৰ্শন কৰিবলৈ উপস্থিত থাকে অগ্ৰণী উদ্যোগ, প্ৰতিষ্ঠান, এফ পি অ’, কৃষক, নিৰ্দিষ্ট বিষয়ৰ বিশেষজ্ঞ, সমাধান প্ৰদানকাৰী সকল। উত্তৰ পূৰ্বাঞ্চলৰ মূল খণ্ডসমূহক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে এছ’চেমৰ জ্যেষ্ঠ সঞ্চালক পৰমিন্দৰজীত কৌৰে ইয়াত অংশগ্ৰহণ কৰি অনুষ্ঠানটোৰ শোভা বৰ্দ্ধন কৰে আৰু জনসাধাৰণক ইয়াৰ অংশ হৈ কৌশলগত সংযোগ স্থাপন কৰিবলৈ আহ্বান জনায়। সমগ্ৰ অঞ্চলটোৰ বিভিন্ন উন্নয়ন সংস্থা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থা, মন্ত্ৰ্যালয় আৰু আন সকলো শ্বেয়াৰধাৰকসকলে এই পদক্ষেপৰ প্ৰতি সঁহাৰি জনায়। ইয়াতে “অসমত খাদ্য সংসাধীকৰণ খণ্ডত উদ্যোগীকৰণ সুযোগ বিকশিত কৰা ” আৰু “উন্নয়নৰ বাবে ক্ৰমবৰ্ধমান উত্তৰ পূৱ-বিকাশ ৰণনীতি ” সমীক্ষা প্ৰকাশ কৰা হয়।এছ’চেমৰ ষষ্ঠ সংস্কৰণৰ ইমাৰ্জিং নৰ্থ ইষ্ট ২০২৩ ৰ লক্ষ্য হৈছে উত্তৰ পূৱৰ মূল ৰাজ্যখনৰ লগতে অঞ্চলটোৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহৰ আগত নিজৰ সম্ভাৱনাক প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰা। প্ৰদৰ্শনীখনে লগতে ইয়াৰ কাৰ্যসূচীসমূহৰ লক্ষ্য পূৰণৰ বাবে উপযুক্ত স্পনছৰশ্বিপ, ব্ৰেণ্ডিং আৰু বিজ্ঞাপনৰ সুযোগ প্ৰদান কৰাৰো লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই পদক্ষেপৰ অন্যতম উদ্দেশ্য হৈছে লাভৰ পৰিমাণ বৃদ্ধি কৰা আৰু অঞ্চলটোত কৰা বিনিয়োগত অধিক লাভ নিশ্চিত কৰা। ইয়াৰ দ্বাৰা স্থানীয় যুৱক-যুৱতী, মহিলা, বেচৰকাৰী সংস্থা আৰু উন্নয়ন সংস্থাসমূহেও ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠান, উদ্যোগ, বিশেষজ্ঞ আৰু বিষয়াসকলৰ সৈতে মত বিনিময় কৰাৰ সুযোগ লাভ কৰিব।প্ৰদৰ্শনীৰ লগতে সন্মিলনী সভাখনৰ মূল কেন্দ্ৰবিন্দু হৈছে প্ৰাকৃতিক সম্পদ যেনে ঔষধি উদ্ভিদ, হস্তশিল্প, কৃষি, উদ্যানশস্য, মীন, খাদ্যসংসাধীকৰণ, লজিষ্টিক আৰু গুদাম, নৱীকৰণযোগ্য শক্তিৰ প্ৰচাৰ আৰু অগ্ৰগতি। লগতে উদ্যোগীসকলৰ বাবে ৰাজ্য/কেন্দ্ৰীয়এজেন্সি/প্ৰতিষ্ঠানে আগবঢ়োৱা বিত্তীয় আঁচনিৰ অৰিহনাৰ ওপৰতো আলোকপাত কৰা হ’ব।
No comments:
Post a Comment