অক্ষৰ যোগে ৩টা যোগাসনৰ জৰিয়তে গঢ়িলে তিনিটাকৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 14 February 2023

অক্ষৰ যোগে ৩টা যোগাসনৰ জৰিয়তে গঢ়িলে তিনিটাকৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড


 



W7s news,,,নতুন দিল্লী: ভাৰতৰ অন্যতম সন্মানীয় যোগাসন প্ৰতিষ্ঠান অক্ষৰ যোগ গৱেষণা আৰু বিকাশ কেন্দ্ৰই ২০২৩ চনৰ ১১ ফেব্ৰুৱাৰী, শনিবাৰে ৫০০ৰো অধিক লোকৰ দ্বাৰা তিনিটা ভিন্ন আসন কৰি গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম লিপিবদ্ধ কৰি আন এক কৃতিত্বৰ অধিকাৰী হয়। বেংগালুৰুত অনুষ্ঠিত মণ্ডালা যোগ মহোৎসৱৰ অংশ হিচাপে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলে শ্ৰদ্ধাৰ যোগ আৰু আধ্যাত্মিক গুৰু হিমালয়ান সিদ্ধ অক্ষৰৰ তত্বাৱধানত বশিষ্ঠাসন, উত্তৰাসন আৰু হলাসন প্ৰদৰ্শন কৰে। উচ্চ শিক্ষা মন্ত্ৰী ড° চি এন অশ্বথ নাৰায়ণৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত একেলগে ৩টা যোগাসন কৰি ৩টা গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়ি তোলা এইটোৱেই হৈছে আটাইতকৈ বৃহৎ গোট। উল্লেখযোগ্য যে, কৃতিত্বৰ কথা উল্লেখ কৰি হিমালয়ান সিদ্ধা অক্ষৰে কয়, ‘অক্ষৰ যোগ গৱেষণা আৰু বিকাশ কেন্দ্ৰ আৰু বিভিন্ন স্তৰৰ অংশগ্ৰহণকাৰীসকলৰ বাবে এয়া এক অত্যন্ত গৌৰৱৰ বিষয়, যিসকলে বিগত কেইবাসপ্তাহ ধৰি এনে এক উল্লেখযোগ্য অনুষ্ঠানত যোগ প্ৰদৰ্শন কৰিবলৈ কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে। আৰক্ষী আৰু নাৰ্চিং হোমৰ কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি ছাত্ৰ-ছাত্ৰী আৰু কৰ্মৰত লোকলৈকে সকলো অংশগ্ৰহণকাৰীয়ে যোগৰ সাৰমৰ্ম বুজি  নিখুঁতভাৱে বশিষ্ঠাসন (একাটিকৈ প্লেংক কৰাৰ ভংগীমা), উত্তৰাসন (উটৰ ভংগীমা) আৰু হলাসন (নাঙলৰ ভংগীমা) প্ৰদৰ্শন কৰিছিল। মণ্ডালা যোগ মহোৎসৱ সফলভাৱে সমাপ্ত হোৱাত আমি অতি আনন্দিত হৈছোঁ।”  মণ্ডালা যোগ মহোৎসৱত বিভিন্ন ক্ষেত্ৰৰ শ শ যোগপ্ৰেমীয়ে অংশগ্ৰহণ কৰে যেনে, কৰ্ণাটক ৰাজ্যিক আৰক্ষীৰ ২৫০ গৰাকী আৰক্ষী আৰু ১০০তকৈ অধিক দৰিদ্ৰ আৰু বিশেষভাৱে সক্ষম শিশু।  বৈচিত্ৰ্যক প্ৰতিনিধিত্ব কৰি বিশ্বৰ ২০খন ভিন্ন দেশৰ পৰা অহা অংশগ্ৰহণকাৰীয়ে এই ঐতিহাসিক অনুষ্ঠানত অংশগ্ৰহণ কৰে, আনহাতে ভাৰতৰ ২৮খন ৰাজ্যৰ প্ৰতিনিধিয়েও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।১০০ গৰাকী বিষয়াৰে গঠিত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ আনুষ্ঠানিক দলে এই সন্মানীয় অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল। ৫৬০ গৰাকী অংশগ্ৰহণকাৰীয়ে হালাসন (নাঙলৰ ভংগীমা)ৰ, ৫১০ গৰাকী অংশগ্ৰহণকাৰীয়ে বশিষ্ঠাসন (একাটিকৈ প্লেংক কৰাৰ ভংগীমা) আৰু ৫৭২ গৰাকী অংশগ্ৰহণকাৰীয়ে উত্তৰাসন (উটৰ ভংগীমা) প্ৰদৰ্শন কৰি কৰা অভিলেখ গঢ়াৰ প্ৰচেষ্টা নীৰিক্ষণ কৰি বিষয়াসকলে সফলভাৱে সম্পূৰ্ণ হোৱাৰ কথা ঘোষণা কৰে। এয়া হৈছে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ তিনিটা নতুন সংযোজন।সকলো অংশগ্ৰহণকাৰীকে প্ৰমাণ পত্ৰ প্ৰদান কৰি মণ্ডালা যোগ মহোৎসৱৰ সামৰণি পেলোৱা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here