উবেৰ চালকৰ তিতা মিঠা অভিজ্ঞতাৰে প্ৰকাশিত *মই এজন নিশাৰ উবেৰ চালক* শীৰ্ষক গ্ৰন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 5 January 2023

উবেৰ চালকৰ তিতা মিঠা অভিজ্ঞতাৰে প্ৰকাশিত *মই এজন নিশাৰ উবেৰ চালক* শীৰ্ষক গ্ৰন্থ উন্মোচন

উন্মোচন কৰে বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনে 

বৰ্ণ প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিকেচনৰ আত্মপ্ৰকাশ*



W7S News: নিউজ ডেস্ক:


গুৱাহাটী : বৰ্ণ প্ৰিন্টাৰ্ছ এণ্ড পাব্লিচাৰ্ছৰ দ্বাৰা প্ৰকাশিত প্ৰথমখন গ্ৰন্থ নিতুল ডেকা(জিতু)ৰ " মই এজন নিশাৰ উবেৰ চালক"ৰ বৃহস্পতিবাৰে শুভ উন্মোচন কৰা হয় । অসম বিধানসভাৰ গোপীনাথ বৰদলৈ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে উন্মোচন কৰে । গ্ৰন্থখন উন্মোচন কৰি উপাধ্যক্ষ মমিনে উবেৰ চালক নিতুল ডেকাক সাহিত্য কৰ্মৰ ক্ষেত্ৰখনত খোজ পেলোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে । তেওঁ অসমীয়া ভাষাটোক জীয়াই ৰাখিবলৈ হ'লে সকলোৱে সাহিত্য চৰ্চা কৰিবই লাগিব বুলি মন্তব্য কৰে । তদুপৰি তেওঁ আজিও বহু বিদ্যালয়ত অসমীয়া ভাষাটো শুদ্ধকৈ শিকোৱা নহয় বুলিও আক্ষেপ প্ৰকাশ কৰি এনে ক্ষেত্ৰত তেওঁলোকৰ ভুলটো  মানি ন'লৈ ভুলটো ভুল বুলি আঙুলিয়াই দিবলৈ সকলোৱে সাহস কৰিব লাগিব বুলিও কয় । তেওঁ কেৱল উবেৰ চালকেই নহয় বৰঞ্চ সমাজৰ সকলো স্তৰৰ লোকে ভাষাটো ৰক্ষাৰ বাবে এনেদৰে আগুৱাই আহিব লাগিব বুলিও উল্লেখ কৰে । যোগসাধক ত্ৰিদীপ কুমাৰ বৰ্মনৰ যোগ প্ৰদৰ্শনেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক,শিক্ষাবিদ ডঃ জগদীশ পাটগিৰি, আমাৰ অসম কাকতৰ ডেপুটী এডিটৰ গৌতম শৰ্মা, অধিবক্তা লেখক অনন্তৰাম মেধি,লেখিকা জুলা শৰ্মা, সদৌ অসম কেব মজদূৰ সংঘৰ মুখপাত্ৰ ধ্ৰুৱৰাজ অসমে চমু শুভেচ্ছামূলক ভাষণ দিয়ে । সভাত গ্ৰন্থখনৰ সন্দৰ্ভত লেখক নিতুল ডেকা(জিতু)ই গ্ৰন্থখনৰ সৃষ্টিৰ আঁৰৰ কথা ব্যক্ত কৰে । তেওঁ পাঠকক এইদৰে কয়- " ইয়াত কোনেও সাহিত্য বিচাৰি নাপাব । সাহিত্যিকৰ ভাষা ইয়াত ব্যৱহাৰ হোৱা নাই । যিহেতু মই এগৰাকী সাধাৰণ ব্যক্তি সেয়ে গ্ৰন্থখনত একেবাৰে সাধাৰণ ভাষাত সাধাৰণ ভাবে মোৰ অভিজ্ঞতাহে লিখিছোঁ ।" অনুষ্ঠানত কেব মজদূৰ সংঘৰ উপ-সভাপতি জয়ন্ত হাজৰিকাই স্বৰচিত এটি কবিতা পাঠ কৰে । জ্যেষ্ঠ সাংবাদিক কৌশিক কুমাৰ ডেকাই আঁত ধৰা অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়াই বৰ্ণ প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিচাৰ্ছৰ মুখ্য প্ৰৱন্ধক নিপা কাকতিয়ে । সভাত কেব মজদূৰ সংঘৰ সাংগঠনিক সম্পাদক ৰিংকু কুমাৰ দাস , লেখক নিতুল ডেকাৰ মাতৃ অনিমা ডেকাৰ লগতে কেব মজদূৰ সংঘৰ বহু সদস্য, শুভাকাংঙ্খী উপস্থিত থাকে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here