গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ত অৱসৰপ্ৰাপ্ত খণ্ড বন বিষয়া , বনপালকক বিদায় সম্বৰ্ধনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 3 January 2023

গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ত অৱসৰপ্ৰাপ্ত খণ্ড বন বিষয়া , বনপালকক বিদায় সম্বৰ্ধনা

 

W7s news


গুৱাহাটী : অসম চৰকাৰৰ বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলৰ অধীনৰ গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ফটাশীল খণ্ড বন কাৰ্যালয়ৰ খণ্ড বন বিষয়া প্ৰাণেশ্বৰ শৰ্মা আৰু কালাপাহাৰ  খণ্ডবন বিষয়া কাৰ্যালয়ৰ বনপালক মৃণাল কলিতাই ৩১ ডিচেম্বৰত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা উপলক্ষে সিদিনা বিয়লি গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ত এখন বিদায় সভা অনুষ্ঠিত হয় । গুৱাহাটীৰ আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অৱসৰি  খণ্ড বন বিষয়া প্ৰাণেশ্বৰ শৰ্মা আৰু বনপালক মৃণাল কলিতাক পূব কামৰূপ বন সংমণ্ডলৰ ডি এফ অ ৰোহিণী বল্লভ শইকীয়াই গামোছা , শৰাই , মানপত্ৰ , ফুলৰ থোপা আৰু একোখনকৈ গ্ৰন্থ প্ৰদান কৰি বিদায় সম্বৰ্ধনা জনায় । এই সন্দৰ্ভত ডি এফ অ ৰোহিণী বল্লভ শইকীয়াই  কয় জন্মিলে যেনেকৈ এদিন সকলোৱে মৰিব লাগিব তেনেদৰে চৰকাৰী চাকৰি কৰিলে বিধি অনুসৰি এদিন সকলোৱে নিৰ্দিষ্ট বয়সত অৱসৰ লব লাগিব । কিন্ত অৱসৰ গ্ৰহণ কৰিলেও দুয়োজনে বিভাগটোলৈ তিনি দশকৰো অধিক দিন ধৰি আগবঢ়োৱা সেৱাক বিভাগ আৰু সহকৰ্মী সকলে সদায় শ্ৰদ্ধাৰে সোঁৱৰণ কৰিব বুলি ৰোহিণী বল্লভ শইকীয়াই সদৰি কৰে । সভাত অৱসৰ গ্ৰহণ কৰা প্ৰাণেশ্বৰ শৰ্মা আৰু বনপালক মৃণাল কলিতাই বিভাগটোত যোগদান কৰাৰ পৰা আৰম্ভ কৰি অৱসৰ গ্ৰহণ কৰালৈকে কিছু অভিজ্ঞতাৰ কথা আবেগিক ভাবে ব্যক্ত কৰে আৰু পাছলৈয়ো বিভাগ বা সহকৰ্মী সকলে বিচাৰিলে সহায় কৰিব বুলি ব্যক্ত কৰে । সভাত পূব কামৰূপ বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষকদ্বয় জয়ন্ত নাথ আৰু পুষ্পধৰ  বুঢ়াগোহাঁই , আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনপালক - বনকর্মীসকল , কেবাজনো খণ্ড বন বিষয়া  উপস্থিত থাকে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here