সাধাৰণ চিটিবাছৰ ভাড়াৰ নিৰিখতে যাত্ৰীয়ে লাভ কৰিব উন্নত মানৰ আৰামদায়ক সেৱা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 3 January 2023

সাধাৰণ চিটিবাছৰ ভাড়াৰ নিৰিখতে যাত্ৰীয়ে লাভ কৰিব উন্নত মানৰ আৰামদায়ক সেৱা

  ; পহিলা জানুৱাৰীৰ পাছত  গুৱাহাটী  মহানগৰীত চলাচল কৰি আছে   ৩০ খনকৈ চি এন জি বাছ ; মাঘ বিহুৰ সময়লৈকে চলিব ১০০ খন বাছ 

W7s news


গুৱাহাটী   : ইংৰাজী নতুন বছৰটোত  গুৱাহাটীক এখন সেউজ মহানগৰীলৈ উন্নীতকৰণৰ লক্ষৰে গুৱাহাটী  স্মাৰ্ট চিটি লিমিটেডে অসমৰ জাতীয় অনুষ্ঠান স্বৰূপ ,  ৰাজ্যৰ ৰাজহুৱা পৰিবহণ সেৱাৰ একমাত্ৰ  প্ৰতিষ্ঠান  অসম ৰাজ্যিক পৰিবহণ নিগমক উপহাৰ হিচাপে প্ৰদান কৰিছে ১০০ খন কমপ্ৰেছড নেচাৰেল গেছ চমুকৈ চি এন জি চালিত বাছ । আনহাতে  নৱবৰ্ষৰ প্ৰথম  দিনটোতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বেতকুছিস্থিত ৰূপনাথ ব্ৰহ্ম আন্তঃৰাজ্যিক বাছ টাৰ্মিনাছৰ গাতে লগা ভাৰতীয় তেল নিগমৰ অধীনৰ স্বাগত  ষ্টেচনত এই চি এন জি চালিত বাছ সেৱা উদ্ধোধন কৰাৰ লগতে তাত নতুনকৈ পূৰ্ব ভাৰতী গেছ লিমিটেডে  স্থাপন কৰা চি এন জি  ইন্ধন  ষ্টেচনটো উদ্ধোধন কৰে । আনহাতে এই বাছ উদ্ধোধন কৰাৰ পাছত ২৪ ঘণ্টাৰ ভিতৰত সোমবাৰ পৰ্যন্ত গুৱাহাটী মহানগৰীৰ বিভিন্ন ৰাজপথত ৩০ খনকৈ বাছ চলাচল কৰিছে । এই সন্দৰ্ভত পৰিবহণ নিগমৰ সূত্ৰই সদৰি কৰা অনুসৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত নিগমে ইতিমধ্যে ১০০ খন চিটিবাছ লাভ কৰিছে । প্ৰথম দিনটোত ইয়াৰে নম্বৰ সংযোজন হোৱা ৩০ খন বাছ যাত্ৰীৰ  সেৱাৰ বাবে পুৱা ৬ বজাৰ পৰা নিশা ৯ বজালৈ  বিভিন্ন ৰাজপথত চলিবলৈ দিয়া হৈছে । পৰ্যায়ক্ৰমে নম্বৰ সমূহ সংযোজন হোৱাৰ পাছত বাকী বাছ সমূহো যাত্ৰীৰ চাহিদা অনুসৰি চলাচল কৰোৱা হব । বৰ্তমান বাছ সমূহ  খানাপাৰাৰ পৰা জি এছ ৰোডেৰ  পল্টনবজাৰ হৈ জালুকবাৰীলৈ , খানাপাৰাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰে জালুকবাৰীলৈ  , বশিষ্ঠ মন্দিৰৰ পৰা ৰাষ্ট্রীয় ঘাইপথৰে জালুকবাৰীলৈ , বশিষ্ঠ মন্দিৰৰ পৰা জি এছ ৰোডেৰে পল্টনবজাৰ হৈ জালুকবাৰীলৈ , নাৰেংগীৰ পৰা চানমাৰী হৈ জালুকবাৰীলৈ আৰু বেতকুছিৰ ৰূপনাথ ব্ৰহ্ম আন্তঃৰাজ্যিক বাছ টাৰ্মিনাছৰ পৰা লখৰা - লালগণেশ হৈ পল্টনবজাৰলৈ চলাচল কৰি আছে । উল্লেখযোগ্য যে এই বাছ যথেষ্ঠ আৰামদায়ক , জি পি এছ আৰু  চি চি টিভিযুক্ত , আহল - বহল আৰু প্ৰদূষণমুক্ত । কিন্ত ইমানখিনী সুবিধা থকা স্বত্বেও যাত্ৰী সকলে আন সাধাৰণ চিটিবাছৰ ভাড়াৰ নিৰিখতে অহা - যোৱা কৰিব পাৰিব । আনকি উচ্চক্ষমতা সম্পন্ন চিচিটিভি থকাৰ বাবে আন চিটিবাছৰ দৰে ইয়াত পকেটমাৰৰ বিশেষ ভয় নাথাকিব । আনকি কোনো যাত্ৰী বা চালক - পৰিচালকেও কিবা অভব্য আচৰণ কৰিলে তাক চিচিটিভিত  পৰীক্ষা কৰিব পৰা যাব । আনকি কিবা বিপদত পৰিলেও  আসনত থকা বিশেষ চুইছ টিপি  সংকেত দিব পাৰিব যাত্ৰীয়ে । নিগমৰ  পৰিচালন সঞ্চালক ৰাহুল দাসে  সদৰি কৰা অনুসৰি বৰ্তমান ৰূপনগৰস্থিত কেন্দ্ৰীয় কাৰখানা চৌহদত চি এন জিৰ ইন্ধন  ষ্টেচন স্থাপনৰ কাম চলি আছে । তাৰ কাম চলিত মাহৰ ভিতৰতে সম্পূৰ্ণ হোৱাৰ আশা আছে । তাৰ পাছত এই সেৱাৰ সম্পূৰ্ণ সম্প্ৰসাৰণ কৰা হব । মাঘ বিহুৰ সময়লৈকে ১০০ খন বাছেই চলোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । তেতিয়ালৈকে এই বাছসেৱা গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা , বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰলৈ চলাচল কৰোৱা হব । আনহাতে এই চি এন জি চালিত বাছ সেৱা  আৰম্ভ হোৱাৰ পাছত ডিজেল কেন্দ্ৰীক প্ৰদূষণৰ মাত্ৰা বহুখিনী কমি যাব বুলি  পৰিচালন সঞ্চালক ৰাহুল দাসে আশা প্ৰকাশ কৰিছে । উল্লেখযোগ্য যে কামাখ্যা মন্দিৰকে ধৰি গুৱাহাটীৰ বিভিন্ন ৰাজপথত নিগমৰ নিজাববীয়াকৈ ১৩ খনকৈ ইলেক্ট্রিক বাছ ( ই ভি ) চলাচল কৰি আছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here