জালুকবাৰী চাৰিআলি , মালিগাঁও চাৰিআলিত গণৰাজ্য দিৱস উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 27 January 2023

জালুকবাৰী চাৰিআলি , মালিগাঁও চাৰিআলিত গণৰাজ্য দিৱস উদযাপন

 


 W7s news গুৱাহাটী : ৰাজ্যৰ আন প্ৰান্তৰ দৰে গুৱাহাটীৰ জালুকবাৰী চাৰিআলিতো ২৫ আৰু ২৬ জানুৱাৰীত জালুকবাৰী নাগৰিক কমিটিৰ উদ্যোগত  দুদিনীয়া  কাৰ্যসূচীৰে ৭৪ সংখ্যক গণৰাজ্য দিৱস  উদযাপন কৰা হয় । ২৫ জানুৱাৰীত  গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি দিনৰ ভাগত চাফাই অভিযান , সাহিত্য অনুষ্ঠান , বিয়লি ছাত্ৰ - ছাত্ৰীৰ মাজত চিত্ৰাংকণ আৰু সন্ধিয়া দেশপ্ৰেম মূলক নৃত্য প্ৰতিযোগিতা  অনুষ্ঠিত হয়  । আনহাতে ২৬ জানুৱাৰীত পুৱা উপস্থিত সকলোৰে অভিবাদন গ্ৰহণ কৰি  ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰে গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে   অসম সাহিত্য সভাৰ উপ সভাপতি   মৃণালিনী দেৱীয়ে ৷ অনুষ্ঠান  বিশিষ্ট অতিথি হিচাপে  চৰাইদেওঁ জিলাৰ অৱসৰপ্ৰাপ্ত উপায়ুক্ত  বিবেকানন্দ ফুকন  , গেমন ইণ্ডিয়া কোম্পানীৰ প্ৰবন্ধক  হেমেন বৰা  , জালুকবাৰী  নাগৰিক সমিতিৰ  সভাপতি শ্ৰীমন্ত কুমাৰ দাস , সাধাৰণ সম্পাদক চাদিক আহমেদকে ধৰি কৰ্মকর্তা সকল , তিনি শতাধিক ৰাইজ উপস্থিত থাকে  ৷ অনুষ্ঠানত জালুকবাৰী ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক মজিদ আলীক প্ৰথম বাৰৰ বাবে প্ৰৱৰ্তন কৰা “প্ৰয়াত আদিল শ্বাহ সোঁৱৰণী সমাজ সেৱক বঁটা"  প্ৰদান কৰা হয় ।আনহাতে সন্ধিয়া দেশপ্ৰেম মূলক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানত কেবাগৰাকী আমন্ত্ৰিত শিল্পীয়ে নৃত্য , গীত পৰিৱেশন কৰে । তেনেদৰে মালিগাঁও চাৰিআলিৰ পিয়লি ফুকন চকত জালুকবাৰী থানাৰ কেন্দ্ৰীয় নাগৰিক কমিটিৰ উদ্যোগত আৰু জালুকবাৰী আৰক্ষী থানাৰ সহযোগত  ২৬ জানুৱাৰীৰ পুৱা  গণৰাজ্য দিৱসৰ কাৰ্যসূচীত  পুৱা পতাকা উত্তোলনৰে শুভাৰম্ভ কৰে বিশিষ্ট সমাজকর্মী , হিন্দী সাহিত্যিক শংকৰলাল পাৰিকে । কমিটিৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰে  আঁত ধৰা অনুষ্ঠানত কমিটিৰ সভাপতি ভূপেন্দ্ৰ নাথ সোণোৱাল ,  জালুকবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক কুমাৰ বৰা ,  যান বাহন শাখাৰ ইনচার্জকে ধৰি আৰক্ষীৰ কেবাজনো বিষয়া - জোৱান , থানাৰ অন্তৰ্গত নাগৰিক কমিটি , গাঁওৰক্ষী বাহিনী , বজাৰ কমিটিৰ বহু কৰ্মকর্তা উপস্থিত থাকে । অনুষ্ঠানত জালুকবাৰী থানাৰ অন্তৰ্গত সাতোটা ৱাৰ্ডৰ সাতজন জ্যেষ্ঠ নাগৰিকক "মাধৱ চন্দ্ৰ ভৰালী সোঁৱৰণী ন্যাস"ৰ ফালৰ পৰা সম্বৰ্ধনা জনায় ন্যাসৰক্ষী আৰু সাংস্কৃতিক কর্মী বিপুল ভঁৰালীয়ে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here