গণৰাজ্য দিৱসত বি আৰ অ মুখ্য কাৰ্যালয়ত চিকিৎসা কেন্দ্ৰ , জে চি অ মেছ উদ্ধোধন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 27 January 2023

গণৰাজ্য দিৱসত বি আৰ অ মুখ্য কাৰ্যালয়ত চিকিৎসা কেন্দ্ৰ , জে চি অ মেছ উদ্ধোধন

 

W7s news


গুৱাহাটী  : ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ সীমান্ত পথ সংগঠন চমুকৈ বি আৰ অৰ গুৱাহাটীৰ লংকেশ্বৰস্থিত পূব মণ্ডল মুখ্য কাৰ্যালয় চৌহদত ২৬ জানুৱাৰীত বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় । পুৱা উপস্থিত সকলোৰে অভিবাদন গ্ৰহণ কৰি ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে বি আৰ অৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান প্ৰবীণ কুমাৰ হনুমন্ত সিঙে । আনহাতে গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি চৌহদত নতুনকৈ নিৰ্মাণ কৰা তিনিখন বিচনাযুক্ত চিকিৎসা কেন্দ্ৰটো উদ্ধোধন কৰে অতিৰিক্ত সঞ্চালক প্ৰধান সিঙে । তেনেদৰে বি আৰ অৰ পৰ্যবেক্ষক আৰু জুনিয়ৰ কমিছনড অফিচাৰৰ বাবে নিৰ্মাণ কৰা জে চি অ মেছটো উদ্ধোধন কৰে বি আৰ অৰ মহিলা কল্যাণ সংস্থাৰ মাণ্ডলিক সভানেত্ৰী সংঘমিত্রা সিঙে । ইয়াৰ উপৰিও গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বি আৰ অ পৰিয়ালৰ শিশুসকলৰ মাজত জাতীয় পতাকা , চকলেট , পেঞ্চিল , কলমকে ধৰি  বিভিন্ন সামগ্ৰী বিতৰণ কৰা হয় । অনুষ্ঠানত বি আৰ অৰ পূব মণ্ডলৰ উপ সঞ্চালক প্ৰধান পি এন যাদৱ , জ্যেষ্ঠ অধীক্ষক অভিযন্তা ৰাজেশ কুমাৰকে ধৰি উচ্চপদস্থ বিষয়া - অভিযন্তা , জে চি অ , এন চি অ , জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য সকল উপস্থিত থাকে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here