গুৱাহাটীবাসীয়ে অনাদায় হৈ থকা সম্পত্তিৰ কৰ
৩১ জানুৱাৰীৰ ভিতৰত ৩০ শতাংশ ৰেহাইত পৰিশোধ কৰক-মৃগেন শৰণীয়া
গুৱাহাটীবাসীৰ পৰা এতিয়াও অনাদায় হৈ আছে কৰ
W7s news গুৱাহাটী: গুৱাহাটী পৌৰ নিগমে ২০২২-২৩ বিত্তীয় বর্ষ সামৰণি পৰিবলৈ প্ৰায় আঢ়ৈ মাহ বাকী থকাৰ সময়ত সম্পত্তিৰ কৰ ১২৭ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। শুকুৰবাৰে গুৱাহাটী পৌৰ নিগমৰ উজানবজাৰস্থিত কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে মেয়ৰ মৃগেন শৰণীয়াই। তেওঁ লগতে কয়-এতিয়ালৈ আমি ৮৪ কৌটি সম্পত্তি কৰৰ লগতে বকেয়া সম্পত্তিৰ কৰ ৪৩ কৌটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ। এতিয়াও ১৫০ কৌটিতকৈ অধিক বেকেয়া সম্পত্তিৰ কৰ নিগম কৰ্তৃপক্ষই আদায় কৰিবলৈ বাকী আছে। গুৱাহাটীৰ একাংশ লোকে ৪০ লাখ, ১৮, ১৬ লাখ পৰ্যন্ত সম্পত্তিৰ বকেয়া কৰ দিবলৈ বাকী আছে। তেওঁলোকক অনাদায় কৰ সমূহ আদায় দিবলৈ আমি আহ্বান জনালোঁ। তদুপৰি এ পি ডি চি এলৰ কনজিউমাৰ নম্বৰ জি এম চি হল্ডি নম্বৰৰ সৈতে সংলগ্ন নকৰিলে আমি বিহীত ব্যবস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। তদুপৰি বৃহস্পতিবাৰে আছাম ইলেকট্ৰিচিটি কমিচনে পৌৰ নিগৰম এলেকাৰ যি সকলে নতুনকৈ বিদুৎ সংযোগ কৰিব সেই সকল উপভোক্তাই নিগমৰ হল্ডিং নম্বৰ, আধাৰ কাৰ্ড,ভোটাৰ কাৰ্ড দিয়াটো বাধ্যতামূলক। পুৰণি বিদুৎ সংযোগ থকা উপভোক্তা সকলে হল্ডিং নম্বৰ আপলোড কৰাৰ বাবে জাৰি কৰা নিৰ্দেশনাৰ বাবে আমি কমিছনাৰক ধন্যবাদ জ্ঞাপন কৰিছো। এতিয়ালৈকে ১,৬৫,০০০ উপভোক্তাই হল্ডিং নম্বৰ বিদ্যুৎ বিলেৰে সংলগ্ন কৰিছে। এতিয়াও একলাখতকৈ অধিক হল্ডিং নম্বৰ বিদ্যুৎ বিলেৰে সংলগ্ন হ'বলৈ বাকী আছে।গুৱাহাটীবাসীয়ে অনাদায় হৈ থকা সম্পত্তিৰ কৰ ৩১ জানুৱাৰীৰ ভিতৰত ৩০ শতাংশ ৰেহাইত পৰিশোধ কৰিব পাৰিব। আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে গুৱাহাটীত মটৰ চালিত ই-ৰিক্সাৰ বিৰুদ্ধে নিগমৰ অভিযান অব্যাহত থাকিব।সেইদৰে গুৱাহাটীৰ ১৪৩ টা নলা পৰিষ্কাৰ কৰা কামত আমি ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। তদুপৰি ভৰলু, মৰাভৰলু, বাহিনী, লিখিমী জান, আদি পৰিস্কাৰৰ কাম, সুৰক্ষা দেৱাল মেৰামতিৰ কাম আৰম্ভ কৰাৰ লগতে বেদখল মুক্ত কৰা হ'ব।' সংবাদ মেলত নিগমৰ আয়ুক্ত মেঘনিধি দাহালে কয়-জি-২০ ৰ অংশ স্বৰূপে আমি গুৱাহাটীখন পৰিষ্কাৰ কৰাত অধিক গুৰুত্ব দিছোঁ। পুৰণি বেনাৰ, পোস্তাৰ আঁতৰাবলৈ আমি নিৰ্দেশ দিছোঁ। সেইদৰে বিল্ডিং নিৰ্মাণ কৰা সকলক বৰ্ধিত প্ৰদূষণৰ প্রতিলক্ষ্য ৰাখি চৌদিশ ঢাকি দিবলৈ আহ্বান জনালোঁ।'
No comments:
Post a Comment