মুখ্যমন্ত্ৰীৰ "দুৰ্ঘটনামুক্ত অসম"ৰ আহ্বান সফল কৰক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 20 January 2023

মুখ্যমন্ত্ৰীৰ "দুৰ্ঘটনামুক্ত অসম"ৰ আহ্বান সফল কৰক

    সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলাবলৈ  কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাৰ কঠোৰ  নিৰ্দেশ 


W7


s news গুৱাহাটী :  ৰাজপথত সুৰাপান কৰি  বাহন চলোৱা আৰু যান বাহন আইন উলংঘা কৰি উদণ্ড ভাবে  বেপেৰোৱা হৈ বাহন চলোৱা চালক সকলৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগক কঠোৰ  নিৰ্দেশ দিছে জিলাখনৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বত থকা অসম চৰকাৰৰ কৃষি আৰু পশুপালন  বিভাগৰ মন্ত্ৰী অতুল বৰাই । আজি  কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত আয়োজিত জিলাখনৰ বিভিন্ন বিভাগৰ পৰ্যালোচনা সভাত ভাগ লৈ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগক এই কঠোৰ নিৰ্দেশনা দিয়ে অভিভাৱক মন্ত্ৰী অতুল বৰাই । মন্ত্ৰী অতুল বৰাই  সভাত উপস্থিত থকা কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিভাগৰ বিষয়া সকলক কয় বিগত সময়চোৱাত ৰাজ্যৰ আন জিলাৰ লগতে কামৰূপ মহানগৰ জিলাটো বৃদ্ধি পোৱা পথ দুৰ্ঘটনা সমূহ চৰকাৰৰ দৃষ্টিগোচৰ হৈছে । এই দুৰ্ঘটনা সমূহৰ বেছিভাগেই চালকৰ মানৱীয় ভুলৰ বাবে সংঘটিত হোৱা আৰু ইয়াৰে গৰিষ্ঠ সংখ্যকেই সুৰাপান কৰি বাহন চলোৱা আৰু যান বাহন আইন ভংগ কৰি অতি দ্ৰুত গতিত চলোৱাৰ বাবে সংঘটিত হৈছে । অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এনে বৰ্ধিত দুৰ্ঘটনা সমূহত গভীৰ উদ্বেগ প্ৰকাশ কৰি ৰাজ্যখনত কিদৰে পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰি অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্যলৈ পৰিণত কৰিব পাৰি তাৰ বাবে পথ সুৰক্ষাৰ লগত জড়িত সকলো বিভাগক উমৈহতীয়াভাবে হাতে - কামে নামি কাম কৰিবলৈ আহ্বান জনায় মন্ত্ৰী বৰাই । ইফালে সভাত  উপস্থিত থকা পৰিবহণ বিভাগৰ সহকাৰী পৰিবহণ আয়ুক্ত  আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে অভিভাৱক মন্ত্ৰী অতুল বৰাক বিভাগৰ এক খতিয়ান দাঙি ধৰে আৰু পথ দুৰ্ঘটনাত আহত লোকক জৰুৰী চিকিৎসাৰ বাবে সোণাপুৰত স্থাপন কৰা ট্ৰমা চেণ্টাৰটো মিনি আই চি ইউলৈ উন্নীতকৰণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লব গোপাল ঝাৰ উপস্থিতিত অনুষ্ঠিত সভাত দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা , পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য , অতিৰিক্ত উপায়ুক্তদ্বয় সুকন্যা বৰা আৰু জয় শিৱানী ,  জিলা পৰিবহণ বিষয়াদ্বয় হিমাংশু কুমাৰ দাস আৰু ৰফিকুল ইছলামকে ধৰি জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here