ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ‌ৰ বিচাৰক হিচাপে মনোনীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডঃ কুলদীপ পাটগিৰী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 27 January 2023

ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ‌ৰ বিচাৰক হিচাপে মনোনীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডঃ কুলদীপ পাটগিৰী

  


 W7s news গুৱাহাটী :: ভাৰতীয় বিশ্ববিদ্যালয় সংস্থাৰ উদ্যোগত আৰু কৰ্ণাটকৰ গূলবাৰাগ ৰাজ্যিক বিশ্ববিদ্যালয় সহযোগত 


২৭  জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া দক্ষিণ পূব আন্তঃবিশ্ববিদ্যালয় যুবমহোৎসৱৰ বিচাৰক হিচাপে মনোনীত হৈছে‌ সংগীত নাটক অকাডেমী যুৱ শিল্পী বঁটাপ্ৰাপক তথা ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন শিল্পী ডঃ কুলদীপ পাটগিৰী । গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগত কৰ্মৰত ডঃ কুলদীপ পাটগিৰীক মূকাভিনয় ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে নতুন দিল্লীৰ ভাৰতীয় বিশ্ববিদ্যালয় সংস্থাই মনোনীত কৰিছে। নাট বিভাগৰ প্ৰতিযোগিতাৰ বিচাৰক হিচাপে নিৰ্বাচিত হোৱা ডঃ কুলদীপ পাটগিৰী উত্তৰ পূব ভাৰতৰ দ্বিতীয়জন  আৰু কনিষ্ঠতম বিচাৰক । উল্লেখযোগ্য ভাৰতীয় বিশ্ববিদ্যালয় সংস্থাই ভাৰতীয়  বিশ্ববিদ্যালয় সমুহৰ ছাত্ৰ-ছাত্ৰীৰ সকলৰ সাংস্কৃতিক দিশটো মুল্যায়নৰ বাবে ভাৰতৰ বিভিন্ন প্ৰান্তত পাঁচটা মাণ্ডলিক আৰু এটা কেন্দ্ৰীয় আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱ অনুষ্ঠিত কৰে। ইতিমধ্যে ডঃ  কুলদীপ পাটগিৰী ভুৱনেশ্বৰত অনুষ্ঠিত হোৱা পূব মাণ্ডলিক যুৱ মহোৎসৱৰ বিচাৰক হিচাপে মনোনীত হোৱাৰ কিছুদিনৰ পিছতে দ্বিতীয়বাৰৰ বাবে  তেওঁক দক্ষিণ পূব আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱৰ বিচাৰক হিচাপে মনোনীত কৰি কৰিছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here