গোৱালপাৰা জিলাৰ ৰাংচাপাৰা গাঁৱলৈ সংস্কাৰধ্বনি স্বচ্ছতা বঁটা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 2 January 2023

গোৱালপাৰা জিলাৰ ৰাংচাপাৰা গাঁৱলৈ সংস্কাৰধ্বনি স্বচ্ছতা বঁটা

 



W7s news গুৱাহাটী  সংস্কাৰধ্বনি ফাউণ্ডেচনে দেওবাৰে গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰত আয়োজন কৰা এটি ভব্য আনুষ্ঠানত ২০২২ বৰ্ষৰ সন্মানীয় "সংস্কাৰধ্বনি স্বচ্ছতা বঁটা" গোৱালপাৰা জিলাৰ ৰাংচাপাৰা গাঁৱলৈ প্ৰদান কৰে ।অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুশ প্ৰতিষ্ঠিত ব্যক্তিৰ উপস্হিতিত এই সন্মানীয় বঁটা প্ৰদান কৰে স্বনাম-প্ৰসিদ্ধ শিক্ষাবিদ, কাব্যসিন্ধু ড° অমৰজ্যোতি চৌধুৰী আৰু সংগীত নাটক অকাডেমি বঁটা প্ৰাপক বিশিষ্ট অভিনেতা, সমাজকৰ্মী  প্ৰাঞ্জল শইকীয়াই ।

বঁটা প্ৰাপক ৰাংচাপাৰা গাঁৱৰ হৈ গোৱালপাৰা জিলা প্ৰশাসনৰ প্ৰতিনিধি তথা দায়িত্ব প্ৰাপ্ত অভিযন্তা মানস গগৈয়ে উক্ত বঁটাটি গ্ৰহণ কৰে ।উল্লেখযোগ্য যে উক্ত স্বেচ্ছাসেবী অনুষ্ঠানটিয়ে বিগত বৰ্ষত এই সন্মানীয় "সংস্কাৰধ্বনি স্বচ্ছতা বঁটা"ৰে দৰং জিলাৰ হালধা গাঁৱক সন্মানিত কৰিছিল ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here