অসম গ্ৰন্থমেলাত লেখিকা , গৱেষক ৰেখা বৰগোহাঁইৰ পাঁচখন গ্ৰন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 2 January 2023

অসম গ্ৰন্থমেলাত লেখিকা , গৱেষক ৰেখা বৰগোহাঁইৰ পাঁচখন গ্ৰন্থ উন্মোচন

 

W7s news


গুৱাহাটী  : আহোম জনগোষ্ঠীৰ ইতিহাস শুদ্ধ ৰূপত পুনৰ উদ্ধাৰৰ বাবে নিৰলস ভাবে গৱেষণা কৰি অহা গৱেষক আৰু বিশিষ্টা লেখিকা ৰেখা বৰগোহাঁয়ে শেহতীয়াভাবে ৰচনা কৰা পাঁচখন গ্ৰন্থ ৩১ ডিচেম্বৰত চানমাৰীস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত চলি থকা দ্বিতীয় সংখ্যক অসম গ্ৰন্থমেলাত জে এছ পাব্লিকেশ্যনৰ বিপনীত উন্মোচন কৰা হয় । ইয়াৰ ভিতৰত নিৰুপমা বৰগোহাঞিৰ জীৱন ভিত্তিক উপন্যাস 'বকুল' আৰু শিশু উপন্যাস 'ৰুণজুনহতৰ কথাৰে' এই দুখন প্ৰকাশ কৰিছে  গুৱাহাটীৰ জে এছ পাব্লিকেশ্যন নামৰ প্ৰকাশন  গোষ্ঠীটোৱে । তেনেদৰে গল্প সংকলন 'পাতাবাহাৰ' , টাই আহোমৰ বীৰাংগনা সকল' আৰু ডঃ বিজিত তালুকদাৰে ইংৰাজীলৈ অনুবাদ কৰা 'AHOM HISTORY for CHILDREN' এই তিনিখন গ্ৰন্থ প্ৰকাশ কৰিছে গুৱাহাটীৰ আখৰ পাব্লিকেশ্যন নামৰ প্ৰকাশন গোষ্ঠীটোৱে । আনহাতে গ্ৰন্থ পাঁচখন উন্মোচন কৰে বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ আৰু বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইনে । এই উপলক্ষে ৰেখা বৰগোঁহাইৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা চমু অনুষ্ঠানত প্ৰণয় বৰদলৈ আৰু ইছমাইল হুছেইনে ভাষণ প্ৰসংগত লেখিকা ৰেখা বৰগোঁহায়ে গ্ৰন্থমেলাৰ বতৰত  পাঁচখনকৈ ভিন্ন স্বাদৰ গ্ৰন্থ পাঠকক উপহাৰ দিয়া কথাটোৰ শলাগ লয় আৰু গ্ৰন্থকেইখন  পাঠক সমাজে আদৰি লব বুলি আশা ব্যক্ত কৰে । অনুষ্ঠানত প্ৰকাশক প্ৰণৱ হাজৰিকা , বৰ্ণালী বৰগোঁহাই , সঞ্জীৱ বৰগোঁহাই , সাংস্কৃতিক কর্মীদ্বয় হেমলতা চেতিয়া গগৈ  আৰু জুৰি ফুকন চাংমাই , টাই আহোম যুৱ পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি নিতুল বৰগোঁহাইকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here