প্লাষ্টিণ্ডিয়া ফাউণ্ডেচনে এছিয়াৰ সৰ্ববৃহৎ প্লাষ্টিক প্ৰদৰ্শনী আয়োজন কৰিবলৈ সাজু হৈছে - প্লাষ্টিণ্ডিয়া ২০২৩ৰ ১১ সংখ্যক সংস্কৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 13 January 2023

প্লাষ্টিণ্ডিয়া ফাউণ্ডেচনে এছিয়াৰ সৰ্ববৃহৎ প্লাষ্টিক প্ৰদৰ্শনী আয়োজন কৰিবলৈ সাজু হৈছে - প্লাষ্টিণ্ডিয়া ২০২৩ৰ ১১ সংখ্যক সংস্কৰণ

 


W7s news,,,গুৱাহাটী  প্লাষ্টিক ক্ষেত্ৰৰ উৎকৃষ্টতাৰ প্ৰসাৰৰ বাবে নিয়োজিত আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত সংস্থা প্লাষ্টিণ্ডিয়া ফাউণ্ডেচনে আন্তঃৰাষ্ট্ৰীয় প্লাষ্টিক প্ৰদৰ্শনী, সন্মিলন, আৰু অধিৱেশন – PLASTINDIA 2023ৰ ১১ সংখ্যক সংস্কৰণৰ আয়োজন কৰিবলৈ সাজু হৈছে ।০১ তাৰিখৰ পৰা ০৫ ফেব্ৰুৱাৰী ২০২৩লৈ,  নতুন দিল্লীৰ প্ৰগতি ময়দানত ইয়াক আয়োজন কৰা হ'ব।এছিয়াৰ সৰ্ববৃহৎ প্লাষ্টিক প্ৰদৰ্শনীত সমগ্ৰ বিশ্বৰ ১৮০০ৰো অধিক প্ৰদৰ্শকক একত্ৰিত কৰা হ’ব। ভাৰতৰ বাহিৰেও জাৰ্মানী, অষ্ট্ৰিয়া, জাপান আৰু ছিংগাপুৰ আদি কেইখনমান গুৰুত্বপূৰ্ণ অংশগ্ৰহণকাৰী দেশ।PLASTINDIA 2023 য়ে উদ্ভাৱন, বহনক্ষমতা, আৰু বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব, আধুনিক কৌশলৰ সুবিধা প্ৰদান কৰিব যিয়ে ভাৰতত প্লাষ্টিক উদ্যোগৰ বিকাশ বজাই ৰখাত সহায় কৰিব আৰু ভাৰতক বিশ্বজুৰি প্লাষ্টিকৰ বাবে পছন্দৰ উৎসৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দিশত কাম কৰিব। পাঁচ দিনীয়া এই অনুষ্ঠানটোৱে প্ৰদৰ্শকসকলৰ বাবে প্ৰচেছিং, মেচিনেৰী, মল্ড, এণ্ড ডাই, সহায়ক সঁজুলি, প্ৰিন্টিং আৰু পেকেজিং, কেঁচামাল, আৰু বহুতো ক্ষেত্ৰত তেওঁলোকৰ নতুন উদ্ভাৱন প্ৰদৰ্শন কৰাৰ এক উৎকৃষ্ট সুযোগ প্ৰদান কৰিব।কেঁচামালৰ উৎপাদক RIL, IOC, HMEL, Alok Masterbatches, Fine Organics, Kuraray, OQ, SABIC, মেচিনেৰী নিৰ্মাতা ;Lohia, Mamata, Rajoo, Pelican, JP, Milacron, ASB, Husky, ENGEL,Rifenhauer, পুনঃব্যৱহাৰৰ সঁজুলিত UFLEX, EREMA, Starlinger আৰু ফিনিচড প্ৰডাক্টছত Supreme, Vishakha দৰে অংশগ্ৰহণকাৰীসকলে প্ৰদৰ্শন কৰিবলগীয়া উদ্ভাৱনীমূলক  সামগ্ৰী আৰু প্ৰযুক্তি ।এই উপলক্ষে ভাষণ দি শ্ৰী জিগিশ দোষী – প্লাষ্টিণ্ডিয়া ফাউণ্ডেশ্যনৰ সভাপতিয়ে কয়,”আমি PLASTINDIA 2023 উপস্থাপন কৰি আনন্দিত হৈছো।মহামাৰীৰ বাবে চাৰি বছৰৰ অনিচ্ছুক বিৰতিৰ পিছত সমগ্ৰ বিশ্বৰ প্লাষ্টিক উদ্যোগৰ প্ৰফেচনেলসকলে প্লাষ্টিক আৰু পলিমাৰ উদ্যোগৰ বাবে ভৱিষ্যতৰ দৃষ্টিভংগী আৰু সমাধানৰ পুনৰ উপস্থাপন কৰাৰ সুযোগ পাব । এই মেগা প্ৰদৰ্শনীখনে আজিলৈকে আটাইতকৈ ডাঙৰ প্ৰদৰ্শনী হ’ব আৰু ইয়াৰ দ্বাৰা বিশ্বব্যাপী প্লাষ্টিক জগতৰ অন্যতম বৃহৎ বিশুদ্ধ প্লাষ্টিক প্ৰদৰ্শনী হিচাপে নিজৰ স্থান সুদৃঢ় কৰাৰ আশা কৰা হৈছে।”বছৰ বছৰ ধৰি প্লাষ্টিক উদ্যোগে উন্নত উদ্ভাৱনেৰে নিজকে পুনৰ উপস্থাপন কৰি পৰিৱেশ অনুকূল প্ৰক্ৰিয়াকৰণ আৰু ব্যৱহাৰৰ কৌশল বিকশিত কৰিছে যিয়ে পৰিৱেশ সংৰক্ষণত সহায়ক হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here