ভাৰতত এক নিযুততকৈ অধিক ক্ষুদ্ৰ কৃষকক ডিজিটেলভাৱে সবল কৰে মাষ্টাৰকাৰ্ড, লীফ আৰু বেছিক্সে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 13 January 2023

ভাৰতত এক নিযুততকৈ অধিক ক্ষুদ্ৰ কৃষকক ডিজিটেলভাৱে সবল কৰে মাষ্টাৰকাৰ্ড, লীফ আৰু বেছিক্সে


 


২০২২ত কৃষিজাত উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ পৰিমান হয় প্ৰায় ১৮০ কোটি টকা



২০২৫ ৰ ভিতৰত ১০ নিযুত কৃষকক সেৱা আগবঢ়াব পৰাকৈ কাৰ্যসূচীৰ সম্প্ৰসাৰণ


W7s news,,নতুন দিল্লী,: মাষ্টাৰকাৰ্ডে আজি ইয়াৰ গ্ৰাম্য আৰু কৃষি ডিজিটেকৰণ সমাধান ব্যৱস্থা ফাৰ্ম পাছৰ জৰিয়তে ভাৰতত এক নিযুততকৈ অধিক ক্ষুদ্ৰ কৃষকক লাভবান কৰাৰ মাইলৰ খুঁটিত উপনীত হোৱাৰ কথা ঘোষণা কৰে । ফাৰ্ম পাছৰ সুবিধা গ্ৰহণ কৰি মাষ্টাৰকাৰ্ডে ২০২২ত ১৮০ কোটি টকা মূল্যৰ কৃষিজাত উৎপাদিত সামগ্ৰীৰ বিক্ৰীত সহায় কৰে । ল’ৰেন্সেডেল এগ্ৰ’ প্ৰচেছিং ইণ্ডিয়া (LEAF) আৰু বেছিক্স ছ’চিয়েল এন্টাৰপ্ৰাইজ গ্ৰুপৰ সৈতে কাম কৰি পেমেন্ট টেকনলজি প্ৰতিষ্ঠানটোৱে এতিয়া ২০২৫ ৰ ভিতৰত ১০ নিযুত কৃষকক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । ২০২০ চনৰ পৰাই ভাৰতৰ চাৰিখন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডুত কৃষকৰ বাবে ডিজিটেল এক্সেছ আৰু  বিত্তীয় অন্তৰ্ভুক্তিকৰণ উন্নত কৰিবলৈ মাষ্টাৰকাৰ্ড, লীফ আৰু বেছিক্সে সহযোগিতা স্থাপন কৰি আহিছে । ডিজিটেল আৰু পেমেন্ট টেকনলজিৰ লগতে কৃষি প্ৰযুক্তিত ইয়াৰ চহকী অভিজ্ঞতাৰে ২০২৩ ত মাষ্টাৰকাৰ্ডে হিমাচল প্ৰদেশ, অসম, ওড়িশা, তেলেংগানা আৰু পশ্চিমবংগ, এই পাঁচখন ৰাজ্যলৈ ইয়াৰ ফাৰ্ম পাছ সমাধান ব্যৱস্থাৰ সম্প্ৰসাৰণ কৰিব । মাষ্টাৰকাৰ্ডৰ ফাৰ্ম পাছ হৈছে গ্ৰাম্য এলেকাসমূহৰ বাবে এক ডিজিটেল ইকোছিষ্টেম প্লেটফৰ্ম, যিয়ে লগতে দূৰৱৰ্তী অসংযুক্ত এলেকাসমূহত অফলাইন মাধ্যমেৰে কাৰ্য সম্পাদন কৰে আৰু কৃষি খণ্ডত অংশীদাৰসকলক একগোট হৈ কৃষক সমুদায়ক সেৱা আগবঢ়াবলৈ উৎসাহিত কৰে । এই প্লেটফৰ্মটোৱে এক বাণিজ্যিকভাৱে বহনক্ষম ইকোছিষ্টেম গঢ়ি তুলিবলৈ, কৃষকক  আনুষ্ঠানিক অৰ্থনীতিৰ অংশ কৰিবলৈ কৃষিভিত্তিক মাৰ্কেটপ্লেচ আৰু কৃষকৰ তথ্যপাতিৰ ডিজিটেলকৰণত সহায় কৰে । মাষ্টাৰকাৰ্ড আৰু ইয়াৰ ইকোছিষ্টেম সহযোগীসকলে কৃষকক ক্ৰেতাৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰাত, তেওঁলোকৰ সামগ্ৰীসমূহৰ বাবে অধিক মূল্য লাভ কৰিবলৈ সক্ষম কৰি তুলিবলৈ, কৃষি বিজ্ঞানৰ জ্ঞান প্ৰদান আৰু সেৱাৰ সুবিধা প্ৰদান কৰিবলৈ আৰু কৃষক উৎপাদক সংস্থাসমূহক (FPOs) সমৰ্থন কৰি সবল কৰি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । ফাৰ্ম পাছ হৈছে কমিউনিটি পাছৰ অংশ, যি গ্ৰাম্য জনসাধাৰণৰ বাবে এক অংশীদাৰী, আন্তঃকাৰ্য্যকাৰী ডিজিটেল আন্তঃগাঁথনি । ই চৰকাৰ, বেংক প্ৰতিষ্ঠান, কৃষি সংস্থা আৰু এন জি অ’কে ধৰি সকলো অংশীদাৰৰ বাবে গুৰুত্বপূৰ্ণ সেৱাৰ সুবিধা আৰু সেৱাৰ ব্যয় হ্ৰাস কৰাৰ সুবিধা প্ৰদান কৰে ।মাষ্টাৰকাৰ্ডৰ মানৱীয় আৰু উন্নয়ন বিভাগৰ কাৰ্যবাহী উপাধ্যক্ষ তাৰা নাথনে কয়, “ফাৰ্ম পাছ অন্তৰ্ভুক্ত থকা কমিউনিটি পাছক ক্ষুদ্ৰ কৃষকসকলে ক্ষিপ্ৰতাৰে অধিক উপাৰ্জন কৰিব পৰাকৈ ডিজাইন কৰা হৈছে  । যোৱা বছৰত ভাৰতত এক নিযুত কৃষকলৈ সমৰ্থন আগবঢ়াই গৌৰৱবোধ কৰিছে মাষ্টাৰকাৰ্ডে । বিত্তীয় অন্তৰ্ভুক্তিকৰণ নিশ্চিত কৰা আৰু কৃষকৰ উপাৰি দুগুণে বৃদ্ধি কৰাৰ ভাৰত চৰকাৰৰ ভিজনৰ সৈতে সংগতি ৰাখি কমিউনিটি পাছে নিৰ্ভৰযোগ্য বজাৰ আৰু বিত্তীয় সেৱাৰ সুবিধা লাভ কৰিবলৈ বিচৰাৰ সময়ত ক্ষুদ্ৰ কৃষকসকলে সন্মুখীন হোৱা বাধাসমূহৰ সমাধানসূত্ৰ আগবঢ়ায় ।“লীফৰ প্ৰতিষ্ঠাপক আৰু চি ই অ’ পলট বিজয়াৰাঘৱনে কয়, “কৃষি প্ৰযুক্তিৰ ক্ষেত্ৰত থকা আমাৰ গভীৰ দক্ষতাৰ সহায় লৈ মাষ্টাৰকাৰ্ডৰ সৈতে স্থাপন কৰা এই সহযোগিতাই ক্ষুদ্ৰ কৃষকৰ জীৱন ৰূপান্তৰিত কৰিব পৰা বিভিন্ন ডিজিটেল সামগ্ৰীৰ বিকাশ আৰু সমাধানসূত্ৰ উলিওৱাত সহায় কৰিছে । ব্যাপক প্ৰশিক্ষণ আৰু ক্ষমতা বৃদ্ধিৰ কাৰ্যসূচীৰ জৰিয়তে আমি আগলৈও কৃষকসকলক সবল কৰা আৰু অধিক স্থিতিস্থাপক কৰি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম ।“বেছিক্সৰ চি ই অ’ ডি সত্ত্বাইয়াহে কয়, “ভাৰতীয় কৃষকসকলক সবল কৰি তোলাৰ আমাৰ প্ৰচেষ্টাত মাষ্টাৰকাৰ্ডৰ সৈতে সহযোগিতা স্থাপন কৰি আমি গৌৰৱান্বিত । বেছিক্সৰ কৃষকৰ বজাৰে (BFM) কৃষি লেনদেনত সম্পূৰ্ণ স্বচ্ছতা নিশ্চিত কৰিবলৈ আৰু কৃষকৰ বাবে অধিক মূল্য গ্ৰহণৰ উপলব্ধি কৰিবলৈ মাষ্টাৰকাৰ্ডৰ প্ৰযুক্তি ব্যৱহাৰ কৰে ।“যোৱা বছৰত মাষ্টাৰকাৰ্ডে ২০২৩ ত এছিয়া পেছিফিকৰ আৰু অধিক বজাৰলৈ ফাৰী পাছ কাৰ্যসূচীৰ সম্প্ৰসাৰণৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছিল । প্ৰতিষ্ঠানটোৱে লগতে গ্ৰাম্য ইকোছিষ্টেমক ডিজিটেকৰণ কৰিবলৈ  এক অনন্য কৃষিভিত্তিক ইনভয়চ ডিস্কাউন্টিং প্লেটফৰ্ম, এক গ্ৰাম্য বিত্তীয় অন্তৰ্ভুক্তিকৰণ কাৰ্ডৰ লগতে অতিৰিক্ত সমাধান আগবঢ়োৱাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here