W7s news,,,গুৱাহাটী, : এন ই এছ ৰিফ্লেক্টৰিছ এলএল পিয়ে উত্তৰ পূৱত প্ৰথম বাৰৰ বাবে আয়োজন কৰিছে সৰ্বভাৰতীয় গাছ নির্মাতা ফেডাৰেচন চমুকৈ এ আই জিএমএফৰ কার্যবাহী সভা। উক্ত সভা খনত কেৱল ভাৰতৰ পৰাই নহয়, বিদেশৰ প্ৰতিনিধিসকলেও অংশ গ্ৰহণ কৰে। এআইজিএমএফৰ ৭৭ বছৰীয়া ইতিহাসত প্ৰথম বাৰৰ বাবে উত্তৰ- পূবৰ প্ৰৱেশদ্বাৰ গুৱাহাটীত অনুষ্ঠিত হয় ফেডাৰেচনৰ কাৰ্যবাহী বৈঠক। এনইএছ ৰিফ্লেক্টৰিছ এলএলপিৰ হৈ অমন গুপ্তাই সভাখন পৰিচালনা কৰে। এই বৈঠকৰ সমগ্ৰ ব্যৱস্থাটো ক্ৰমে এনইএছ ৰিফ্লেক্টৰিছ এলএলপিৰ তিনিজন অংশীদাৰ অমন গুপ্তা, বানী কলিতা আৰু ৰমিত আগৰৱালে আয়োজন কৰে। গুপ্তাই জানিবলৈ দি কয় যে ইউকে, ফ্রান্স, ভূটানকে ধৰি ভাৰতৰ বিভিন্ন চহৰৰ গ্লাছ ব্যৱসায়ীসকলে বৈঠকত অংশ গ্রহণ কৰে, য'ত ছেইণ্ট গোবেইন, এজিআই, গ্লাছ পেক (হিন্দৱেৰ), চানৰাইজ গ্লাছ, গোপাল গ্লাছকে ধৰি বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰ বহু সংখ্যক প্রতিনিধিয়ে অংশ গ্ৰহণ কৰে। গুপ্তাই লগতে কয় যে এই বৈঠকত ভাৰত চৰকাৰৰ কম্পিটিছন কমিছন অফ ইণ্ডিয়া চমুকৈ চি চি আইৰ অধীনত ব্যৱসায়ত ‘স্বাস্থ্যকৰ আৰু অস্বাস্থ্যকৰ’ প্ৰতিযোগিতাৰ গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত এক সজাগতাৰ আয়োজন কৰা হয়। সজাগতা সভা খনৰ জৰিয়তে দুয়োটা বিষয়ৰ ওপৰত পাৰ্থক্যৰ বৰ্ণনা কৰা হয়৷ উদাহৰণ স্বৰূপে, যদি অস্বাস্থ্যকৰ প্ৰতিযোগিতাৰ অধীনত আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰা ভাৰতলৈ কোনো সামগ্রী আমদানি কৰা হয়, তেন্তে সেইবোৰৰ ওপৰত আৰোপ কৰা হ'ব এণ্টি-ডাম্পিং শুল্ক। একেদৰে, যদি ভাৰতৰ কোনো উদ্যোগে অনৈতিকভাৱে যিকোনো উদ্যোগৰ বাবে বাণিজ্য সম্পর্কীয় বাধা সৃষ্টি কৰে, তেনেহ'লে চিচিআইৰ অধীনত বিভিন্ন আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। এই কাৰ্যনিৰ্বাহক বৈঠকত এআইজিএমএফৰ উপ-সভাপতি এইচ চি ভাম্বানী (সূর্যোদয় গ্লাছ), সচিব বিনীত কাপুৰ, কোষাধ্যক্ষ পূর্ণশ্বাহ (গোপাল গ্লাছ), চিজিচিআআই বিজ্ঞানী ড° কে অন্নপূর্ণা, অমন গুপ্তা (মেনেজিং পার্টনাৰ এনইএছ ৰিফ্লেক্টৰিছ এলএলপি), ডেভ ফধাম (পাব্লিচাৰ্ছ গ্লাছ ৱৰ্ল্ডৱাইড) মঞ্চত উপস্থিত আছিল । সভাত উপস্থিত থকা সকলো প্রতিনিধিয়ে ভৱিষ্যতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত এনে সফল সভা আয়োজন কৰাৰ পোষকতা কৰে।
Post Top Ad
Responsive Ads Here
Sunday, 11 December 2022

Home
গুৱাহাটী
গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এ.আই.জি.এম.এফ. কার্যনির্বাহক বৈঠক ভাৰতকে ধৰি ইউকে, ফ্ৰান্স, ভূটানৰ প্ৰতিনিধিৰ অংশগ্রহণ
গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এ.আই.জি.এম.এফ. কার্যনির্বাহক বৈঠক ভাৰতকে ধৰি ইউকে, ফ্ৰান্স, ভূটানৰ প্ৰতিনিধিৰ অংশগ্রহণ
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment