W7s news,,,গুৱাহাটী: অৱশেষত জে ডি ইনষ্টিটিউট অব ফেশ্বন টেকনলজিৰ শিক্ষাৰ্থীসকলৰ অপেক্ষাৰ সময় অন্ত পৰিল । স্থাপন, সংগ্ৰহ আৰু প্ৰদৰ্শনীৰ জৰিয়তে শিক্ষাৰ্থীসকলক তেওঁলোকৰ সৃষ্টিশীলতা প্ৰদৰ্শনৰ মঞ্চ আগবঢ়াই স্বীকৃতি প্ৰদান কৰাৰ এই দিনটোলৈ আমি অধীৰ অপেক্ষাৰে বাট চাই আছিলোঁ । জে ডি এনুৱেল ডিজাইন এৱাৰ্ডছৰ কাৰ্টেইন ৰেইজাৰ অনুষ্ঠান ৯ ডিচেম্বৰত অনুষ্ঠিত হয় আৰু ফেশ্বন শ্ব’ তথা প্ৰদৰ্শনী অনুষ্ঠিত হয় ১০ ডিচেম্বৰত আই টি এ মাচখোৱাত । ইয়াত উদীয়মান ডিজাইনাৰসকলৰ উদ্ভাৱনশীল আৰু ডিজাইনে ফেশ্বন শ্ব’ক প্ৰাণৱন্ত কৰি তোলে । গুৱাহাটীস্থিত জে ডি ইনষ্টিটিউট অব ফেশ্বন টেকনলজিয়ে এই উদ্যোগটোত ১৮ টা গৌৰৱপূৰ্ণ বছৰ সম্পূৰ্ণ কৰিছে আৰু ই হৈছে ভাৰতৰ শীৰ্ষস্থানীয় ডিজাইন ইনষ্টিটিউটসমূহৰ ভিতৰত অন্যতম । ২০০৫ চনত প্ৰতিষ্ঠা লাভ কৰা গুৱাহাটীৰ ইনষ্টিটিউটখন এতিয়াও কলা আৰু ডিজাইন উদ্যোগটোৰ অগ্ৰগামী হিচাপে পৰিচিত । ১৯৮৮ চনত এই ইনষ্টিটিউচনখন স্থাপন কৰিছিল চন্দ্ৰকান্ত দালাল (অধ্যক্ষ) আৰু আৰ. চি. দালালে (ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলৰ পৰিচালন সঞ্চালক আৰু সহ-প্ৰতিষ্ঠাপক) । কাৰ্যবাহী সঞ্চালক ৰুপাল দালাল আৰু জে ডি ইনষ্টিটিউটৰ সঞ্চালক হৰ্ষ দালালে এই অনুষ্ঠানত উপস্থিত থাকি ফেশ্বন শ্ব’ আৰু ভিতৰচৰাৰ প্ৰদৰ্শনীৰ বিচাৰকৰ ভূমিকা পালন কৰে । গুৱাহাটী ইনষ্টিটিউটৰ সঞ্চালকৰ লগতে অনুষ্ঠানটোত উপস্থিত থাকে অসমীয়া চলচ্চিত্ৰ আৰু ম’বাইল থিয়েটাৰৰ প্ৰখ্যাত ডিজাইনাৰ তথা ‘গৰিমাজ হিউছ’ ৰ স্বত্বাধিকাৰী গৰিমা শইকীয়া গাৰ্গ, স্থপতিবিদ আৰু ‘আকৃতি’ ৰ গৰাকী শ্ৰী ৰিতুল শৰ্মা । এইসকল লোকৰ উপস্থিতিয়ে শিক্ষাৰ্থীসকলক তেওঁলোকৰ শ্ৰেষ্ঠ কৰ্মৰাজি সুন্দৰভাৱে প্ৰদৰ্শন কৰাত অনুপ্ৰাণিত কৰে । জে ডি বাৰ্ষিক ডিজাইন এৱাৰ্ডছ ২০২২ ৰ বিষয়বস্তু আছিল ‘এৰাইভেল’ (আগমন), যিয়ে আমাক এৰি থৈ যোৱা উত্তৰাধিকাৰ বিষয়ে পুনৰ বিবেচনা কৰিবলৈ বাধ্য কৰাইছিল ।। ভিতৰচৰাৰ প্ৰদৰ্শনীত বিভিন্ন উদ্ভাৱনীমূলক, ভৱিষ্যৎমুখী আৰু বহনক্ষম সামগ্ৰী প্ৰদৰ্শন কৰা হয় । প্ৰদৰ্শিত সামগ্ৰীসমূহৰ ভিতৰত আছিল আখৰোটৰ বাকলিৰ গুৰিৰ পৰা তৈয়াৰ কৰা বাচন আৰু পেলনীয়া কাগজৰ পৰা তৈয়াৰ কৰা ৱালপেপাৰ । বহু ঠাই ৰাহি কৰা আৰু বহুমুখী ফাৰ্ণিচাৰো ইয়াত প্ৰদৰ্শন কৰা হয় । যুৱচামৰ সৃষ্টিশীলতা আৰু পৰিবেশৰ প্ৰতি থকা সচেতনতা সঁচাই প্ৰশংসনীয় আছিল । ফেশ্বন শ্ব’ত দেখিবলৈ পোৱা গৈছিল ইউকেলিপটাছ, মাকৈ আৰু আন বহু উৎসৰ পৰা তৈয়াৰ কৰা ফেব্ৰিকেৰে প্ৰস্তুত কৰি উলিওৱা পৰিবেশ অনুকূল সাজ-পোছাক । প্ৰাকৃতিক ৰঙৰ ব্যৱহাৰে এনেবোৰ পোছাকৰ বহনক্ষমতা বৃদ্ধি কৰিছে । এনেবোৰ সম্ভাৰৰ ভিতৰত লক্ষণীয় আছিল বিশেষভাৱে সক্ষম লোকৰ বাবে তৈয়াৰ কৰা এক ডিজাইন, য’ত প্ৰাকৃতিক নীলা ৰং ব্যৱহাৰ কৰা হৈছে, যিয়ে মন শান্ত কৰি ৰাখে । অসাধাৰণ কৰ্মৰাজি প্ৰদৰ্শন কৰা শিক্ষাৰ্থীসকলে শ্ৰেষ্ঠ ডিজাইন, আটাইতকৈ উদ্ভাৱনী, ব্যৱসায়িকভাৱে আটাইতকৈ কাৰ্যক্ষম আৰু শ্ৰেষ্ঠ ৰিছাৰ্চৰ শাখাত বঁটা লাভ কৰে । জে ডি বাৰ্ষিক এৱাৰ্ডছৰ মূল উদ্দেশ্য ব্যাখ্যা কৰে জে ডি গুৱাহাটীৰ সঞ্চালক সুমিতা দে ডেকাই । সঞ্চালকগৰাকীয়ে জনায় যে ইন্টেৰিঅ’ৰ আৰু ফেশ্বন ডিজাইনিঙৰ পেছাদাৰী ক্ষেত্ৰসমূহত শিক্ষাৰ্থীসকলক আগুৱাই নিয়াই হৈছে এই ইভেন্টৰ মূল উদ্দেশ্য । এই অনুষ্ঠানতে উশ্মিতা দে হাজৰিকাই এই প্ৰতিটো কালেকচনৰ শ্ৰম-নিবিড় প্ৰকৃতিৰ বিষয়ে আমাক জ্ঞান দি আলোচনা আগবঢ়াই নিয়ে ।
Post Top Ad
Responsive Ads Here
Saturday, 10 December 2022

জে ডি ইনষ্টিটিউট অব ফেশ্বন টেকনলজিয়ে আগবঢ়াইছে ইয়াৰ বাৰ্ষিক ডিজাইন এৱাৰ্ডছ ২০২২
Tags
# গুৱাহাটী
Share This
About W7S News
গুৱাহাটী
Labels:
গুৱাহাটী
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment