*
W7s news,,*গুৱাহাটী,: মালিগাঁওস্থিত স্বাগত ছুপাৰস্পেচিয়েলিটি হাস্পতালৰ ই এন টি আৰু হেড আৰু নেক ছাৰ্জাৰী বিভাগে অহা ২৬ নৱেম্বৰত বিশেষ ক্লিনিক আৰু অ' পি ডি আয়োজনৰ কথা ঘোষণা কৰিছে। চিকিৎসা প্ৰতিষ্ঠানখনৰ অধ্যাপক ডাঃ স্বাগতা খান্নাৰ নেতৃত্বত এটা চিকিৎসকৰ দলে এই ক্লিনিকৰ পৰিচালনা কৰিব। এই ক্লিনিকত নাকৰ বাধা, নাকেৰে হোৱা শব্দ, মুখেৰে উশাহ ল'বলগীয়া হোৱা পৰিস্থিতি, উশাহ বন্ধ হোৱা যেন অনুভৱ কৰা, নিদ্ৰাহীনতা, ভাগৰ আৰু দিনত টোপনিৰ ভাব আহি থকাৰ দৰে অনুভৱ হোৱা ৰোগীসকলক পৰামৰ্শ আগবঢ়োৱা হ'ব। হাঁওফাঁওৰ বিভিন্নধৰণৰ জটিলতাত ভুগি থকা আৰু ক'ভিডৰ পৰৱৰ্তী পৰ্যায়ত হাঁওফাঁওৰ সমস্যাৰ সন্মুখীন হোৱা ৰোগীসকলেও এই ক্লিনিকত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰায়েই মানুহে নাকৰ বাধা আৰু নাকেৰে হোৱা অস্বাভাৱিক শব্দক গুৰুত্বসহকাৰে নলয় যদিও সঠিক সময়ত ইয়াৰ চিকিৎসা নহ'লে পৰৱৰ্তী সময়ত ই হৈ পৰিব পাৰে জীৱনৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা এক সমস্যা। উক্ত দিনাখন দিনৰ দহ বজাৰ পৰা দুপৰীয়া দুই বজালৈকে এই শিবিৰত পৰামৰ্শদানৰ বাবে থাকিব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি অৰ্জন কৰা বিশেষজ্ঞ ই এন টি আৰু হেড এণ্ড নেক ছাৰ্জন ডাঃ কল্পনা নাগপাল আৰু নতুন দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপল' হাস্পতালৰ শ্লিপ মেডিচিন, লাং ট্ৰান্সপ্লাণ্ট আৰু ক্ৰিটিকেল কেয়াৰ বিভাগৰ জ্যেষ্ঠ কনছালটেণ্ট তথা উপদেষ্টা ডাঃ এম এছ কানৱাৰ। চিকিৎসা প্ৰতিষ্ঠানখনে এক বিজ্ঞপ্তিযোগে জনোৱামতে এই শিবিৰৰ বিষয়ে বিশদভাৱে জানিবলৈ আৰু নাম পঞ্জীয়নৰ বাবে ৰোগীসকলে এই নম্বৰত যোগাযোগ কৰিব পাৰিব- ৭০৯৯০-৬৪৪৩১, ৯৩৬৫০-৮৭১৪৭ আৰু ৯৪৩৫৫-৮৮৮০০।
No comments:
Post a Comment