পুৰণি বাহনৰ বিনিময়ত লৈ আহক নতুন এনফিল্ড
W7s news,,,গুৱাহাটী, : গুৱাহাটীবাসীৰ বাবে এটা ভাল খবৰ। আপুনি এতিয়া আপোনাৰ পুৰণি বাহন খন দি নতুন এনফিল্ড আনিব পাৰিব। মহানগৰীৰ জু-ৰোডৰ আয় জয় টাৱাৰত থকা ৪এচেছ ৰিটেইল প্ৰাইভেট লিমিটেডত লোণ আৰু এক্সচেঞ্জ কাৰ্নিভালৰ আয়োজন কৰিছে। ৪এচেছ এনফিল্ডৰ পৰিচালনা সঞ্চালক চিৰাগ গুপ্তাই কয় যে গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ জু ৰোড ডাকঘৰৰ কাষত আয় জয় টাৱাৰত থকা ফ্লেগশ্বিপ ষ্ট'ৰত ইয়াৰ প্ৰথম টো লোন আৰু এক্সচেঞ্জ কাৰ্নিভাল মুকলি কৰা হব। কাৰ্নিভাল৭ নৱেম্বৰৰ পৰা ১৩ নৱেম্বৰলৈ কেৱল ৪এচেছ ৰিটেইল প্ৰাইভেট লিমিটেডত অনুষ্ঠিত হ'ব।কাৰ্নিভালৰ সময়ত, যিকোনো লোকে যিকোনো ব্ৰেণ্ডৰ মটৰ চাইকেলৰ বিনিময়ত নতুন ৰয়েল এনফিল্ড বাহনৰ ঘৰলৈ নিব পাৰিব। গ্ৰাহকে মাত্ৰ ৪,৯৯৯ টকাতকৈ কম মূল্যত ডাউন পেমেণ্টৰ পৰা আৰম্ভ কৰি এই সুবিধা গ্ৰহণ কৰিব পাৰিব।এই সুবিধা সীমিত সময়ৰ বাবে উপলব্ধ হ'ব বুলি গুপ্তাই কয়। এই অনুষ্ঠানটোৱে বিত্তীয় লাভালাভৰ উপৰিও আপোনাৰ ব্যৱহৃত বাহনৰ বাবে একাধিক ক্ৰেতাক আকৰ্ষিত কৰিব। গ্ৰাহকসকলে তেওঁলোকৰ পুৰণি বাহন খনৰ বাবদ সর্বশ্রেষ্ট মূল্য লাভ কৰিবলৈ সক্ষম হব আৰু ব্ৰেণ্ড নিউ ৰয়েল এনফিল্ড ক্ৰয় কৰাৰ সুবিধা লাভ কৰিব। গুপ্তাই আৰু কয় যে লোন আৰু এক্সচেঞ্জ কাৰ্নিভালৰ সময়ত বিভিন্ন বেংকৰ প্ৰতিনিধি উপস্থিত থাকিব যাৰ জৰিয়তে গ্ৰাহকে অতি সহজে ই এম আইৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। ৰয়েল এনফিল্ড উন্নীত কৰা হৈছে। ইয়াৰ নতুন মডেল "হাণ্টাৰ ৩৫০"-দ্ৰুতবেগীআৰু আকৰ্ষণীয় ৰঙত উপলব্ধ হৈছে। ৩৫০চিচি ইঞ্জিন সহ ইয়াৰ সৰ্বশ্ৰেষ্ঠ সুবিধাৰ সৈতে বজাৰ দখল কৰিছে। হাণ্টাৰ ৩৫০"ৰ বুকিং মুকলি আছে। গুৱাহাটীৰ ভাস্কৰ নগৰত থকা উৎকৃষ্ট সেৱা কেন্দ্ৰত অতি সহজে বাহনবোৰ মেৰামতি কৰিব পাৰিব। গ্ৰাহকসকলে সেৱা মাচুলৰ ওপৰত আকৰ্ষণীয় ৰেহাই লাভ কৰিবলৈ সক্ষম হ'ব। সেৱা কেন্দ্ৰলৈ অহা যিকোনো লোকক সৰ্বশ্ৰেষ্ঠ সেৱা প্ৰদান কৰাই ৪এচেছৰ মূলমন্ত্ৰ।
No comments:
Post a Comment