W7s news গুৱাহাটী: শিশুৰ মুখত হাঁহি বিৰিঙোৱা আৰু বিশ্ব শিশু দিৱস ২০২২ৰ সৈতে সংগতি ৰাখি উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ চিমেণ্ট ব্ৰেণ্ড টপচেম চিমেণ্টে ৰাজ্যৰ ১৩ টা চাইল্ডকেয়াৰ হোম আৰু বিশেষভাৱে সক্ষম গৃহৰ শিশুসকলৰ মাজত স্কুল ষ্টেচনৰী সামগ্ৰী বিতৰণ কৰে। বিগত বৰ্ষতো টপচেম চিমেন্টে শিশু কল্যাণ গৃহৰ অন্তর্ভুক্ত মৌলিক সা- সুবিধাৰ পৰা বঞ্চিত ১৩ টা চাইল্ডকেয়াৰ হোমৰ ছাত্ৰ-ছাত্ৰীৰ সুখ সমৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি বিদ্যায়তনিক সামগ্রী বিতৰণ কৰিছিল। এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি গুৱাহাটীত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মেঘালয় চিমেণ্টছ লিমিটেডৰ চেলছ এণ্ড মাৰ্কেটিং অধ্যক্ষ ড০ অনিল কাপুৰে ব্ৰহ্মপুত্ৰ চিল্ড্ৰেন হোম,গৰচুক; ছেভেন চিষ্টাৰছ চিল্ড্ৰেন হোম ফৰ গাৰ্লছ, কাহিলীপাৰা; আইআৰচিএছ, লংকেশ্বৰ; চিল্ড্ৰেন হোম, লংকেশ্বৰ; পাঞ্জাবাৰী অপেন চেল্টাৰ হোম ফৰ বয়ছ, উৎসাহ ইডুকেচন,কমিউনিটি চেণ্টাৰ, হাফিজনগৰ, বামুণীময়দাম; কল্যাণী নিৱাস, চিল্ড্ৰেন হোম ফৰ গাৰ্লছ, ৰূপনগৰ; অমোয়া চোলিহালোই অপেন চিল্ড্ৰেন হোম ফৰ বয়ছ, আৰ.কে. মিছন ৰোড উলুবাৰী; স্নেহা বন্ধন, জয়নগৰ, ঋষি হাজৰিকা মেমৰিয়েল হোম ফৰ চিল্ড্ৰেন, কাহিলীপাৰা; শিশু কল্যাণ কেন্দ্ৰ, নুনমাতী; কস্তুৰী চিল্ড্ৰেন কেয়াৰ হোম, ছয় মাইল; চিল্ড্ৰেন হোম ফৰ বয়েছ, ফটাশিল আমবাৰী; শান্তিদান, লংকেশ্বৰ শিশুসকলৰ মাজত স্কুল ষ্টেচনাৰী সামগ্ৰী বিতৰণ কৰি আনন্দ বিলায়।
এই কাৰ্যসূচীৰ অধীনত ৪০০ জনতকৈ অধিক শিশুৰ মাজত স্কুল ষ্টেচনাৰী (যাৰ ভিতৰত আছে কপি, নোটবুক, কলম, পেঞ্চিল ইত্যাদি) বিতৰণ কৰে। স্বেচ্ছাসেৱী সংস্থা উৎসাহে আগবঢ়োৱা প্ৰস্তাৱত অনুসৰি এই গৃহসমূহৰ শিশুৰ মাজত স্কুলীয়া সামগ্ৰী বিতৰণ কৰে। এই মহৎ পদক্ষেপে শিশুসকলক শিক্ষাৰ প্ৰতি সচেতন হোৱা, শিক্ষাত উন্নত সুযোগ লাভ কৰা আৰু সমাজৰ বিকাশত অৰিহণা যোগোৱাত সহায় কৰিব।
অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি মেঘালয় চিমেণ্টছ লিমিটেডৰ চেলছ এণ্ড মাৰ্কেটিঙৰ অধ্যক্ষ ড০ অনিল কাপুৰে কয়, 'টপচেমে শিক্ষাৰ মূল্য বুজি পায় আৰু শিশুসকলৰ মাজত স্কুল ষ্টেচনাৰী বিতৰণত কৰি বিদ্যালয়সমূহৰ সৈতে সম্পৰ্ক স্থাপন নিজকে সৌভাগ্য অনুভৱ কৰিছোঁ। টপচেমে অনুভৱ কৰে যে শিক্ষা হৈছে প্ৰতিটো শিশুৰ মৌলিক অধিকাৰ, সেয়েহে সকলোৱে শিক্ষাৰ সমান সুযোগ পোৱা উচিত।" উৎসাহৰ উপ-প্ৰকল্প প্ৰৱন্ধক নিৰ্মল ডেকাই কয়, "এই মহৎ উদ্দেশ্যৰ বাবে আমাৰ সৈতে জড়িত হোৱাৰ বাবে আমি টপচেমৰ ওচৰত কৃতজ্ঞ আৰু ভৱিষ্যতে এনে সম্পৰ্ক বজাই ৰাখি আৰু এনে কাম কৰি যাবলৈ অপেক্ষা কৰি আছো।"
সমাজ সেৱা হৈছে টপচেম চিমেণ্টৰ এটা পৰম্পৰা। টপচেম চিমেণ্টে সদায় বিশ্বাস কৰে যে যিকোনো সম্প্ৰদায়ক শক্তিশালী কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় হৈছে শিশুৰ শিক্ষাৰ বাবে সমৰ্থন প্ৰদান কৰা। বিশেষকৈ যেতিয়া অসুবিধা গ্ৰস্ত লোকসকলৰ কথা আহি পৰে তেতিয়া এই ক্ষেত্ৰত অধিক প্ৰাধান্য দি আহিছে টপচেম চিমেণ্টে।বিশ্ব শিশু দিৱস (ডব্লিউচিডি) হৈছে ১৯৮৯ চনৰ ২০ নৱেম্বৰত শিশুৰ অধিকাৰ সন্মিলন (চিআৰচি) গ্ৰহণ কৰা শিশুসকলৰ বাবে ইউনিচেফৰ বিশ্বব্যাপী কাৰ্য দিৱস। বিশ্ব শিশু দিৱস ২০ নৱেম্বৰত উদ্ যাপন কৰা হ'ব।
No comments:
Post a Comment