বিশিষ্ট চিত্ৰশিল্পী, চলচ্চিত্ৰ পৰিচালক পুলক গগৈৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 12 November 2022

বিশিষ্ট চিত্ৰশিল্পী, চলচ্চিত্ৰ পৰিচালক পুলক গগৈৰ মৃত্যু

 W7s news গুৱাহাটী: বিশিষ্ট চিত্ৰশিল্পী, চলচ্চিত্ৰ পৰিচালক পুলক গগৈৰ শনিবাৰে পুৱা ৮.৩০ বজাত মৃত্যু হয়। তেওঁ কিছুদিন ধৰি অসুস্থ হৈ আছিল।

১৯৩৮ চনত যোৰহাটত জন্ম গ্ৰহণ কৰা সোমেশ্বৰ গগৈৰ পুত্ৰ পুলক গগৈয়ে 'অসমবাণী' কাকতত কাৰ্টুনিষ্ট হিচাপে কৰ্মময় জীৱন আৰম্ভ কৰি পৰৱৰ্তী সময়ত 'দৈনিক অসম' কাকতৰো সাংবাদিক কাৰ্টুনিষ্ট হিচাপে সেৱা আগবঢ়ায়। উচ্চ শিক্ষা সাং কৰি অসম চৰকাৰৰ জনসংযোগ বিভাগত চাকৰি কৰিছিল যদিও কেইমাহ মানৰ পাছতে সেই চাকৰি ত্যাগ কৰি কাৰ্টুনিষ্ট সাংবাদিকৰ জীৱন গ্ৰহণ কৰে। ১৯৭২ চন মানলৈ সক্ৰিয়ভাৱে চিত্ৰশিল্পী হিচাপে কাম কৰাৰ অন্তত ১৯৭৪ চনত তেওঁ 'খোজ' নামৰ ছবিখনৰ প্ৰযোজক পৰিচালক হিচাপে চলচ্চিত্ৰ নিৰ্মাণৰ যাত্ৰা আৰম্ভ কৰে । এখনৰ পাছত আন এখন ছবি নিৰ্মাণ কৰি তেওঁ ব্যৱসায়িক সফলতা লাভ কৰাৰ লগতে সমালোচকৰো পছন্দৰ পৰিচালক হৈ পৰে তথা বহু সন্মান লাভ কৰিবলৈ সক্ষম হয় । 'ৰেলৰ আলিৰ দুবৰি বন' ছবিখনৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল লাভ কৰে । তদুপৰি পুলক গগৈয়ে নিজৰ একেবাৰে শেহতীয়া 'মমতাজ' নামৰ ২০১৩ চনত নিৰ্মাণ কৰা ছবিখনৰ বাবে ফিল্ম ফেয়াৰ (ইষ্ট)ত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে । তেওঁ পৰিচালনা কৰা আন ছবিকেইখন হৈছে 'সাদৰী', 'সেন্দুৰ', 'সুৰুজ', 'শ্ৰীমতি মহিমাময়ী', 'মৰম নদীৰ গাভৰু ঘাট' আৰু 'পত্নী' । 


এইগৰাকী চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক এগৰাকী চিত্ৰকৰ হিচাপেও লোক সমাদৃত । দিল্লীৰ ললিত-কলা একাডেমি, কলকাতাৰ একাডেমি অৱ ফাইন আৰ্টছ, গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ পৰা আৰম্ভ কৰি দেশৰ পৰিধি ভাঙি সুদূৰ ৱাশ্বিংটনৰ হোজেছ গেলেৰী আইএনচিতো তেওঁৰ চিত্ৰ প্ৰদৰ্শনী আয়োজন কৰা হৈছে। তেওঁৰৰ কাৰ্টুনে একালত সমাজ ৰাজনীতিৰ বহু দিশ ব্যংগভাৱে উদঙাই দিছিল। তেওঁৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here