W7s news: শেহতীয়াকৈ ভাৰতৰ গাড়ীৰ বজাৰত প্ৰৱেশ কৰা জনপ্রিয় বাহনৰ ব্ৰেণ্ড চিট্র’নে গুৱাহাটীত মুকলি কৰিছে এটা নতুন শ' ৰুম। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰত পৰিসৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে অত্যাধুনিক ৰূপত ডীলাৰটো মুকলি কৰি গ্ৰাহকক আকৰ্ষিত কৰাৰ প্ৰয়াস কৰা হৈছে। এই শ্ব' ৰুমটো মুকলি কৰে চিট্ৰন ইণ্ডিয়াৰ ব্ৰেণ্ড মুৰব্বী সৌৰভ বছাই। অনুষ্ঠানটোত ডীলাৰটোৰ মুৰব্বী ঋষভ হিম্মৎসিংকা উপস্থিত থাকে।'লা মাইজন চিট্ৰন' নামৰ এই ডীলাৰটো মুকলি সন্দৰ্ভত প্রতিষ্ঠানটোৰ মুৰব্বী সৌৰভ বছাই কয় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰত পৰিসৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে তেওঁলোকে গুৱাহাটীত এই ডীলাৰটো মুকলি কৰে। নতুনকৈ মুকলি কৰা সকলো গাড়ী ইয়াত উপলব্ধ বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে চিট্ৰনৰ চি ৩ আৰু চি ৫ এয়াৰ ক্ৰছ এছ ইউ ভি গাড়ী দুখন এই ডীলাৰৰ পৰা যোগান ধৰা হ'ব। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰত গ্ৰাহকৰ পৰা আশাপ্রদ সঁহাৰি লাভ কৰিব বুলি তেওঁ আশাবাদী।উল্লেখ্য যে চিট্ৰন চি ৩ বাহনখনৰ প্ৰাৰম্ভিক মূল্য ৫,৮৮,০০০ টকা হোৱাৰ বিপৰীতে চি ৫ এয়াৰক্ৰছ এছ ইউ ভিৰ মূল্য আৰম্ভ হৈছে ৩৬,৬৭,০০০ টকাৰ পৰা।আনহাতে গুৱাহাটীস্থিত ডীলাৰটোৰ অধ্যক্ষ ঋষভ হিম্মৎসিংকাই কয় যে গুৱাহাটীৰ এই ডীলাৰটো গ্ৰাহকৰ সকলো প্রয়োজনীয়তা পূৰণ কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে। এই ডীলাৰটোত গ্ৰাহকৰ বাবে এ টি এ ডব্লিউ এ ডি এ চি অভিজ্ঞতা আগবঢ়োৱা হৈছে। তদুপৰি ইয়াত উচ্চ ক্ষমতাসম্পন্ন ৩ ডি কনফিগাৰ্টেৰ সংযোজন কৰা হৈছে, যাতে ইয়াত গ্ৰাহকে সামগ্ৰী আৰু উন্নতমানৰ সেৱা লাভ কৰিব পাৰে।এই ডীলাৰত ব্ৰেণ্ডৰ উন্নত মানৰ ৱৰ্কশ্বপো আছে, য'ত গ্ৰাহকক দুৱাৰ্ডলিত উদ্ভাৱনশীল গাড়ীৰ পৰিচালন সেৱা আগবঢ়াব পাৰে। ইয়াৰ লগতে চিট্ট'ন গাড়ীৰ গৰাকীয়ে গুৱাহাটীত ভার্চুৱেল ৰিম'ট ডায়েগ্নষ্টিক সেৱাও লাভ কৰিব পাৰিব।
Post Top Ad
Responsive Ads Here
Friday 11 November 2022

Home
গুৱাহাটী
গুৱাহাটী-ব্যবসায়-বাণিজ্য
গুৱাহাটীত 'লা মাইজন চিট্ৰ'ন' শ্ব'ৰুম মুকলিৰে উত্তৰ-পূৰ্বাঞ্চলত পৰিসৰ বৃদ্ধি চিট্ৰ'নৰ
গুৱাহাটীত 'লা মাইজন চিট্ৰ'ন' শ্ব'ৰুম মুকলিৰে উত্তৰ-পূৰ্বাঞ্চলত পৰিসৰ বৃদ্ধি চিট্ৰ'নৰ
Tags
# গুৱাহাটী
# গুৱাহাটী-ব্যবসায়-বাণিজ্য
Share This
About W7S News
গুৱাহাটী-ব্যবসায়-বাণিজ্য
Labels:
গুৱাহাটী,
গুৱাহাটী-ব্যবসায়-বাণিজ্য
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment