W7s news ষ্টাফৰিপোৰ্টাৰ : অসম আৰক্ষীৰ পৰা অৱসৰপ্ৰাপ্ত বিষয়া জগত চন্দ্ৰ ভৰালীৰ বৰ্ধক্যজনিত কাৰণত মঙলবাৰে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। তেওঁ ২০০৩ চনত দেৰগাঁওস্থিত অসম আৰক্ষীৰ ১১ বেটেলিয়নৰ পৰা অৱসৰ গ্ৰহণ কৰে । তেওঁ দেৰগাঁওৰ বঙালগাওঁৰ বিভিন্ন ৰাজহুৱা কামৰ লগত জড়িত আছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী , পুত্ৰ , কন্যা , বোৱাৰী আৰু নাতি - নাতিনীক এৰি যায় ।
তেওঁৰ মৃত্যুত দেৰগাঁওত শোকৰ ছাঁ পৰে ।
No comments:
Post a Comment