বৰঝাৰ বিমানকোঠত সুৰক্ষা কৰ্মীৰ মহানুভৱতা ; যাত্ৰীয়ে ঘূৰাই পালে হেৰুৱা টকাসহ মূল্যবান নথিপত্ৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 11 October 2022

বৰঝাৰ বিমানকোঠত সুৰক্ষা কৰ্মীৰ মহানুভৱতা ; যাত্ৰীয়ে ঘূৰাই পালে হেৰুৱা টকাসহ মূল্যবান নথিপত্ৰ

 


W7s news গুৱাহাটী :- গুৱাহাটীৰ  বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত যাত্ৰীৰ সুৰক্ষা আৰু আৰামদায়ক যাত্ৰাৰ প্ৰতি অধিক গুৰুত্ব দি আহিছে বিমানকোঠটো পৰিচালনা কৰি অহা  কৰ্তৃপক্ষই । ১০ অক্টোবৰত  ধীৰেণ ডেকা নামৰ বাহিৰৰ পৰা বিমানৰে অহা  এজন যাত্ৰীয়ে  বিমানকোঠৰ পৰা নিজ ঘৰলৈ ৰাওনা হোৱৰ সময়ত অজানিতে সৰহ পৰিমানৰ নগদ টকাসহ পেন কাৰ্ড , আধাৰ কাৰ্ড , এ টি এম কাৰ্ডকে  ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ  নথিপত্ৰ পেলাই থৈ যায়।  কিন্ত জি আই এ এলৰ মানৱ বড়ো নামৰ এজন  নিষ্ঠাবান সুৰক্ষা কৰ্মীয়ে উক্ত টকা আৰু নথিপত্ৰ ততালিকে  'হেৰুৱা আৰু ঘূৰাই পোৱা' বিভাগত জমা কৰি দিয়ে । সেই  নথিপত্ৰৰ পৰা  ধীৰেণ ডেকাৰ যোগাযোগৰ নম্বৰ সংগ্ৰহ কৰি বিমানকোঠ  কতৃপক্ষৰ দায়িত্ববাহী  বিষয়াই তেওঁক  সম্পূৰ্ণভাৱে ঘূৰাই দিয়ে বুলি বিমানকোঠৰ  মুখপাত্ৰই জানিবলৈ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here