কবি , সাহিত্যিক চবিন চন্দ্ৰ নাথৰ মহানুভৱতা ; পশ্চিম গুৱাহাটী ৰাণীত দান কৰা এবিঘা মাটিত নিৰ্মাণ হ'ব বৃদ্ধাবাস - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 7 October 2022

কবি , সাহিত্যিক চবিন চন্দ্ৰ নাথৰ মহানুভৱতা ; পশ্চিম গুৱাহাটী ৰাণীত দান কৰা এবিঘা মাটিত নিৰ্মাণ হ'ব বৃদ্ধাবাস

 




W7s news গুৱাহাটী  : ভোগ , প্ৰাচুৰ্য , স্বাৰ্থপৰাতা , কপটতা , আত্মকেন্দ্ৰিকতাৰে ভৰা পৃথিৱীখনত এতিয়াও কিছু ভাল মানুহ আছে বাবেই সমাজখন আৰু মানৱতা বৰ্তি আছে । আনকি একাংশ লোকে  নীৰৱে সমাজ , মানৱতাৰ উত্তৰণৰ  হকে  কৰা ত্যাগৰ বাবে একো একোটা মহৎ অনুষ্ঠান গঢ় লৈ উঠে । তেনে এজন লোকৰ মহানুভৱতাৰ বাবেই পশ্চিম গুৱাহাটীৰ ৰাণীত প্ৰথম বাৰৰ বাবে নিৰ্মিত হ'ব এটা বৃদ্ধাবাস । অসমীয়া  কবিতা সাহিত্যৰ ক্ষেত্ৰখনত এটা চিনাকি নাম হিচাপে পৰিচিত পশ্চিম গুৱাহাটীৰ ৰাণীৰ অসম - মেঘালয় সীমান্তৰ পুৰাণ শুকুৰবৰীয়াৰ বাসিন্দা , ৰাণী মেকুৰীকুছি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক চবিন চন্দ্ৰ নাথে এটা বৃদ্ধাবাস নিৰ্মাণ কৰাৰ বাবে দান কৰিছে নিজ ঘৰৰ ওচৰত মৈৰাপুৰ গাওঁত নিজৰ নামত কিছুদিন  আগতে ক্ৰয় কৰা এবিঘা মাটি । পলাশবাৰী ৰাজহ চক্ৰৰ মৈৰাপুৰ গাওঁৰ  ৫৮৮ , ৫৭২ আৰু ৪২১ নম্বৰ দাগৰ মাটিত নিৰ্মাণ কৰা হ'ব বহু আকাংক্ষিত বৃদ্ধাবাসটো ।    আনহাতে বৃদ্ধাবাসটো নিৰ্মাণ কৰাৰ বাবে আগবাঢ়ি আহিছে সদৌ অসম কবি সাহিত্য চক্ৰ আৰু কলঙৰ পাৰত সাহিত্য সাংস্কৃতিক সমন্বয় মঞ্চ , অসম । উল্লেখযোগ্য যে মঞ্চৰ মুখ্য প্ৰশাসকৰো দায়িত্বত আছে চবিন চন্দ্ৰ নাথ । আনহাতে  আজি  মঞ্চৰ সভাপতি তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত উচ্চপদস্থ প্ৰশাসনিক  বিষয়া ধনেশ্বৰ মালাকাৰ , সদৌ অসম কবি সাহিত্য  চক্ৰৰ সভাপতি অনুপ কুমাৰ তালুকদাৰ , প্ৰধান সম্পাদক বিতুমণি গোস্বামী , কৰ্মকর্তা ক্ৰমে ডঃ প্ৰশান্ত গোস্বামী , প্ৰণীতা গোস্বামী , মামণি পাটোৱাৰীয়ে ৰাণীৰ মৈৰাপুৰত চবিন চন্দ্ৰ নাথে দান দিয়া মাটিত তেওঁক লগত লৈ  নিৰ্মাণ হ'বলগীয়া প্ৰস্তাৱিত স্থানখিন পৰিদৰ্শন কৰে । ইয়াৰ পূৰ্বে দলটোৱে নিজ বাসগৃহত চবিন চন্দ্ৰ নাথ আৰু তেওঁৰ ককায়েক দীনেশ নাথক বিপুল ভাবে সম্বৰ্ধনা জনায় ।  ইতিমধ্যে মঞ্চ আৰু সাহিত্য চক্ৰই অহা কেইদিনত  যুটীয়াভাবে এটা ট্ৰাষ্ট বা ন্যাস গঠন কৰি যাবতীয় আনুষ্ঠানিকতা সম্পন্ন হোৱাৰ পাছতে বৃদ্ধাবাস নিৰ্মাণৰ কাম আৰম্ভ কৰিব । ইফালে চবিন চন্দ্ৰ নাথৰ মহানুভৱতাৰ বাবে সেই ন্যাসৰ ন্যাসৰক্ষী হিচাপে তেওঁকে মূল দায়িত্ব অৰ্পণ কৰা হব । আনহাতে সামাজিক মাধ্যমত বৃদ্ধাবাস নিৰ্মাণ কৰাৰ বাবে চবিন চন্দ্ৰ নাথে এবিঘা মাটি দান কৰা খবৰ বিয়পি পৰাৰ পাছতে বহু লোকে তেওঁৰ মহানুভৱতাক উচ্চ প্ৰশংসা কৰা পৰিলক্ষিত হোৱা । উল্লেখযোগ্য যে বিগত কেবা বছৰ ধৰি চবিন চন্দ্ৰ নাথে ঘৰৰ ওচৰত থকা মাণিকপুৰ প্ৰাথমিক বিদ্যালয়ত বৃহত্তৰ ৰাণী অঞ্চলৰ অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ - ছাত্ৰী সকলক বিনামূলীয়াকৈ পাঠদান কৰি আহিছে । আনকি লকডাউনত বিদ্যালয় বন্ধ থকাৰ সময়ত অঞ্চলটোৰ দশম শ্ৰেণীত অধ্যয়ণৰত ছাত্ৰ - ছাত্ৰী সকলক ইংৰাজী  বিষয়ত বিনামূলীয়াকৈ পাঠদান কৰি সকলোৰে প্ৰশংসা লাভ কৰিছিল ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here