তিনিদিনীয়া কাৰ্যসূচীৰে খানামুখ শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ সোণালী জয়ন্তী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 7 October 2022

তিনিদিনীয়া কাৰ্যসূচীৰে খানামুখ শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ সোণালী জয়ন্তী

 

W7s news গুৱাহাটী   : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখৰ শ্ৰী শ্ৰীলক্ষ্মী পূজাৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে অহা ৮,৯ আৰু ১০ অক্টোবৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী উৎসৱ উদযাপনৰ আয়োজন কৰা হৈছে । ৮ অক্টোবৰত পুৱা ধৰ্মধ্বজা উত্তোলনৰে সোণালী জয়ন্তীৰ কাৰ্যসূচীৰ শুভাৰম্ভ হোৱাৰ পাছত ৫০ খন পতাকা উত্তোলন কৰা হ'ব । তাৰ পাছত পুৱা ৯ বজাত বৃহত্তৰ খানামুখ অঞ্চলত  এক বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হ'ব ।  বিয়লি ৪ ,বজাত বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ব  । নিশা ৭ বজাৰ পৰা বৰপেটা জিলাৰ সৰ্থেবাৰীৰ ৰাজনন্দিনী নাট্যদলে নাট প্ৰদৰ্শন কৰিব ।  ৯ অক্টোবৰ দ্বিতীয় দিনা পুৱা বৃক্ষৰোপন কাৰ্যসূচীৰ পাছত নৱনির্মিত  খানামুখ সমূহীয়া ভৱনটো উদ্ধোধন কৰিব স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । দিনৰ ১১ বজাৰ পৰা মহিলাৰ দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । সন্ধিয়া প্ৰতিমা আৰু ঘট স্থাপনৰে পূজাৰ কাৰ্যসূচী আৰম্ভ হ'ব । নিশা ৯ বজাৰ পৰা খানামুখ মিলন সংঘৰ উদ্যোগত স্থানীয় শিল্পী সকলে মঞ্চস্থ কৰিব চন্দন কলিতাৰ দ্বাৰা ৰচিত আৰু অৱনী ডেকাৰ পৰিচালিত  পূৰ্ণাংগ নাট "চক্রবেহু" । ১০ অক্টোবৰ তৃতীয় তথা শেহৰ দিনা পুৱা ৫ বজাত উষা কীৰ্ত্তন , ৫.৩০ বজাত প্ৰসাদ আৰু ভোগ বিতৰণ , বিয়লি ৪ বজাৰ পৰা আয়তীৰ নাম কীৰ্ত্তন আৰু নিশা ৭ বজাৰ  পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব । আনহাতে সোণালী জয়ন্তী উৎসৱৰ কাৰ্যসূচী সুচাৰুভাৱে সম্পন্ন কৰিবলৈ জ্যেষ্ঠ নাগৰিক বলেন্দ্ৰ চন্দ্ৰ ঠাকুৰীয়াক মুখ্য উপদেষ্টা ,  জ্যেষ্ঠ  অধিবক্তা সত্য ভৰালীক সভাপতি , কেশৱ কলিতাক কাৰ্যকৰী সভাপতি , কনক চন্দ্ৰ বৈশ্য , কমলা কলিতা , অনিল বৈশ্য  আৰু  মাণিক কলিতাক উপ সভাপতি , ৰুবুল বৈশ্য আৰু তপন ঠাকুৰীয়াক  সাধাৰণ সম্পাদক , ধীৰাজ কলিতা ( দুলু ) , পংকজ কলিতা , অনিল কলিতা , ৰাজদ্বীপ কাকতি আৰু ৰাহুল কলিতাক সম্পাদক, সনাতন বৰুৱাক পূজাবতী হিচাপে  লৈ এখন কাৰ্যকৰী সমিতি  আৰু কেবাখনো উপ সমিতি গঠন কৰা হৈছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here