W7s news গুৱাহাটী : গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে প্ৰাগজ্যোতিষপুৰ সাহিত্য সভা আৰু ৰূপালীম সাহিত্য সমাজৰ উদ্যোগত আৰু বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহযোগত আয়োজন কৰা বছৰজোৰা বক্তৃতানুষ্ঠানৰ পঞ্চমলানি প্ৰয়াত দেবেন্দ্ৰনাথ বৰা আৰু দীপ্তি বৰা সোৱৰণী "গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৌদ্ধিক ঐতিহ্য" শীৰ্ষক বক্তৃতা শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থাৰ কাৰ্য্যালয়ৰ সভাগৃহত অনুষ্ঠিত হৈ যায়। বিয়লি ৩.৩০বজাত আৰম্ভ হোৱা অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ সঙ্গীত পৰিবেশনৰ পাছতে প্ৰয়াত দেবেন্দ্ৰনাথ বৰা আৰু দীপ্তি বৰাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাৰ্ঘ অৰ্পণ কৰি বক্তব্য আগবঢ়াই তেখেত সকলৰ পুত্ৰ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন বাণিজ্য গুৰু অধ্যাপক ড.ভাস্কৰজ্যোতি বৰাই ।সভাত মুখ্য বক্তা হিচাপে বক্তব্য আগবঢ়াই ভাৰত চৰকাৰৰ প্ৰশাসনীয় সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ললিত গগৈ দেবে । সন্মানীয় অতিথি আৰু বিশিষ্ট অতিথি হিচাপে সভাৰ বিষয়বস্তুৰ ওপৰত বিস্তৃত ভাবে আলোকপাত কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰকাশণ বিভাগৰ সঞ্চালক অধ্যাপক ড.দুলুমনি গোস্বামী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি উৎপল শৰ্মাই ।প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ উপ-সভাপতি জীটুমনি শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা এই বক্তৃতানুষ্ঠানত সমজুৱাৰ তৰফৰ পৰা মন্তব্য আগবঢ়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পুথিভঁৰালৰ আৰু তথ্য বিজ্ঞান বিভাগৰ অধ্যাপক ড. সঞ্জয় সিং আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ এম্পলয়ী এছোচিয়েচনৰ সভাপতি হৰিহৰ বৰ্মনে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাগজ্যোতিষপুৰ সাহিত্য সভা আৰু ৰূপালীম সাহিত্য সমাজৰ যুটীয়া উদ্যোগত আৰু অধ্যাপক ড.ভাস্কৰজ্যোতি বৰাৰ সৌজন্যত আয়োজিত এই অনুষ্ঠানটিত গীত মাত পৰিবেশন কৰে বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ ছাত্ৰী ধৰিত্ৰী ডেকা আৰু পৰিস্মিতা গোস্বামীয়ে। সভাৰ শেষত প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহক সদস্য ড.গৌৰ গোপাল বণিক্যই উপস্থিত সমজুৱাক উদ্দেশ্যি শলাগৰ শৰাই আগবঢ়ায়।
Post Top Ad
Responsive Ads Here
Saturday, 1 October 2022

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৌদ্ধিক ঐতিহ্য" শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment