W7s news গুৱাহাটী :
কলিতা জনগোষ্ঠী সন্মিলন অসমৰ উন্নয়ন পৰিষদৰ পুঁজিৰে বীৰ ৰজা ভগদত্ত প্ৰকল্পৰ শুকুৰবাৰে পশ্চিম বৰাগাঁৱত আধাৰশিলা স্থাপন কৰা হয়। কলিতা জনগোষ্ঠী সন্মিলন অসমৰ উন্নয়ন পৰিষদৰ অধ্যক্ষ ডাঃ ৰাজেন চন্দ্ৰ কলিতাই আঁত ধৰা এক অনুষ্ঠানত এই আধাৰশিলা স্থাপন কৰে প্ৰাক্তন সাংসদ তথা চৰকাৰৰ ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ সহঃ উপাধ্যক্ষ ৰমেন ডেকাই। এই প্ৰকল্পটোৰ জড়িয়তে সন্মিলনে তেওঁলোকৰ বিভিন্ন সাংগাঠনিক কাম কাজ কৰিব পাৰিব বুলি ডেকাই কয়। বৰ্তমান প্ৰথম কিস্তি ৩০ লাখ টকাৰ অনুদানেৰে এই আধাৰশিলাৰ স্থাপন কৰা হয়। এই অনুষ্ঠানত কলিতা জনগোষ্ঠী সন্মিলন অসমৰ সভাপতি ড০ সোনেশ্বৰ কলিতাকে ধৰি বহু সংখ্যক লোক উপস্থিত থাকে।
No comments:
Post a Comment