W7s news গুৱাহাটী:. গড়চুকৰ পামহিস্থিত উত্তৰ-পূব হস্ততাত আৰু হস্তশিল্প উন্নয়ন নিগমৰ চৌহদত অহা ১২ আৰু ১৩ নৱেম্বৰ ২০২২ ত এক সামাজিক উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত হ'বলৈ গৈ আছে উত্তৰ-পূবৰ সবাতোকৈ প্ৰতিক্ষীত ফেশ্বন শ্ব' নৰ্থ-ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক। এন. ই. আই. এফ. ডব্লিউৰ প্ৰাৰম্ভিক বিষয়বস্তু 'ফেশ্বন ফৰ অল' যাৰ মানে হৈছে ডিজাইনাৰ শ্ব'ৰ উপৰিও ফেশ্বনৰ ক্ষেত্ৰখনত আগ্ৰহী শিশু, কিশোৰ আৰু মহিলাসকলৰ বাবে এক মঞ্চ আগবঢ়াই দিয়া। এন. ই. আই. এফ. ডব্লিউ. মাত্ৰ আন এক ফেশ্বন অনুষ্ঠান নহয়, বৰঞ্চ সদায় সামাজিক উদ্দেশ্যে অনুষ্ঠিত কৰা এটা অনুষ্ঠান। এইবাৰৰ ৭ম বৰ্ষত স্তন কৰ্কটৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে ইয়াত জড়িত থাকিব অসমৰ শ্ৰেষ্ঠ চিকিৎসকসমূহৰ লগতে এখন চেমিনাৰ আৰু সুকীয়া ফেশ্বন শ্ব'। আগ্ৰহী চিকিৎসক আৰু মডেলসকলে আয়োজকক www.northeastinternationalfashionweek.com ৱেবচাইটটোৰ যোগেদি যোগাযোগ কৰিব পাৰে। ইয়াৰ আগতে এই অনুষ্ঠানটোৰ সামাজিক বিষয়বস্তু আছিল বৃদ্ধ-আৱাস, চকু আৰু শাৰীৰিক অংগ দান, বৃক্ষৰোপন আৰু পৰিৱেশ ৰক্ষা, আন্তৰ্জাতিক এন.জি.ও পেটা আৰু অন্য বহুতো জীৱ-জন্তু কল্যাণ সংস্থাৰ সহযোগত জীৱ-জন্তুক আশ্ৰয় প্ৰদান আৰু ৰক্ষা। নৰ্থ-ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক ২০২২ ৰ (এন. ই. আই. এফ. ডব্লিউ.) ৭ম বৰ্ষত সমগ্ৰ উত্তৰ-পূবৰ লগতে চুবুৰীয়া দেশ নেপাল আৰু ভূটানৰ পৰাও বহুতো আকাংক্ষী ফেশ্বন ডিজাইনাৰক দেখা যাব। প্ৰথম দিনৰ ফেশ্বন শ্ব'টো ভাৰতৰ আন্তৰ্জাতিক খ্যাতিসম্পন্ন ডিজাইনাৰ ৰাজদ্বীপ ৰানাৱতে মুকলি কৰিব। এই সৌজন্যপূৰ্ণ অনুষ্ঠানটো উত্তৰ-পূবৰ এজন শ্ৰেষ্ঠ ফেশ্বন ডিজাইনাৰ তথা ফেশ্বন কৰিঅ'গ্ৰাফাৰ প্ৰশান্ত ঘোষৰ তত্বাৱধানত এটা সৃষ্টিশীল দলে অনুষ্ঠিত কৰিছে। প্ৰশান্ত ঘোষ আৰু তেওঁৰ দলে ২০১৫ চনৰ পৰা ফেশ্বনৰ ভৱিষ্যতৰ বাবে এখন বৃহত্তম মঞ্চ সৃষ্টি আৰু উত্তৰ-পূবৰ চহকী হস্ততাত আৰু শিল্প আন্তৰ্জাতিকভাৱে সংযুক্ত কৰিবলৈ অবিৰত প্ৰচেষ্টা চলাই আছে। ভাৰতৰ সাতভনীৰ ফেশ্বন ডিজাইনিং আৰু মডেলিং জগতৰ নেতৃ প্ৰশান্ত ঘোষ এজন ব্যক্তি যিয়ে বিশ্বাস কৰে যে ভাৰতৰ শিল্প আৰু শিল্পীসকলে ফেশ্বনৰ জগতখনত এক অতুলনীয় যাদু সৃষ্টি কৰিব পাৰে। প্ৰশান্ত ঘোষ এজন ফেশ্বন ডিজাইনাৰৰ উপৰিও এজন বহুমুখী ফেশ্বন কৰিঅ'গ্ৰফাৰ। তেওঁ ভাৰতৰ লগতে বিদেশত ২০০০ তকৈও অধিক ফেশ্বন আৰু সৌন্দৰ্য্য সম্পৰ্কীয় অনুষ্ঠান কৰিঅ'গ্ৰাফ কৰিছে। এন. ই. আই. এফ. ডব্লিউয়ে সদায় সঠিক ট্ৰেণ্ডৰ জৰিয়তে স্থানীয় তথা আন্তৰ্জাতিক ক্ৰেতাসমূহক লক্ষ্য কৰে আৰু উত্তৰ-পূবৰ হস্ততাত আৰু হস্তশিল্প প্ৰসাৰ কৰে। ইয়াৰ উপৰিও এন. ই. আই. এফ. ডব্লিউত মালয়েছিয়া, ম্যানমাৰ, শ্ৰীলংকা, বাংলাদেশ, নেপাল আৰু ভূটানৰপৰা অহা ডিজাইনাৰ আৰু মডেলসকলৰ আকৰ্ষণীয় অনুষ্ঠান আছে।
No comments:
Post a Comment