W7s news গুৱাহাটী: সূৰ্য্য চিমেন্ট লিমিটেড,উত্তৰ পূৰ্বাঞ্চলত গৃহনির্মাণৰ কেঁচামাল যোগানৰ অগ্ৰনি উদ্যোগটোৱে পোহৰৰ উৎসৱ দীপান্বিতা ২০২২ উপলক্ষে সমাজৰ পিছপৰা শ্ৰেণীৰ ছাত্র-ছাত্ৰী আৰু দুৰ্গতসকললৈ কঢ়িয়াই আনিছে আশাৰ বতৰা। যি বতৰাই সূৰ্য্য চিমেন্টৰ সামাজিক দায়িত্ববোধ, অনৈক্যৰ মাজত ঐক্য আৰু সামাজিক সচেতনতা প্ৰকাশ কৰিব।সূৰ্য্য চিমেন্টে দীপান্বিতা উপলক্ষে সমাজৰ অৱহেলিত ল'ৰা-ছোৱালীহঁতৰ মাজত মিঠাই, চকলেট,চাকি আৰু উপহাৰ সামগ্রী বিতৰণ কৰিব। দীপাৱলী ২০২২ৰ কাৰ্যসূচীৰ অংশ হিচাপে এই বছৰ সূৰ্য চিমেণ্টে তলত উল্লেখ কৰা সংগঠনসমূহৰ সৈতে জড়িত হৈছে। সেয়া হ'ল ক্ৰমে:- ক) প্ৰিয়বন্ধু, খ) মাতৃ মন্দিৰ, গ) ব্ৰহ্মপুত্ৰ চিল্ড্রেন হোম, ঘ) চিল্ড্রেন হোম ফ'ৰ বয়জ। যাতে ২০২২ ৰ ২৪ অক্টোবৰত উক্ত সংস্থাকেইটাই সুকলমে দীপান্বিতা অনুষ্ঠিত কৰাৰ লগতে অনুস্হানটো উপভোগ্ কৰিব পাৰে।সমাজৰ দুৰ্গত শ্ৰেণীৰ লোক সকলেও যাতে দীপান্বিতা উৎসৱটো উপভোগ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ২০২২ CSR অনুস্হানটো আৰম্ভ কৰা হৈছিল ২০২১ ত ।বিশেষতঃ সূৰ্য্য চিমেন্ট লিমিটেডৰ কৰ্মচাৰী সকলৰ মাজত সমাজৰ অভাগা লোকসকলৰ মাজত সৰ্বজনৰ হিতাৰ্থে স্বেচ্ছাই সামান্য অৰিহণা আগবঢ়াই দিয়াৰ মানসিকতা গঢ়ি উঠে সেয়ে এই অনুস্হানটোৰ মুখ্য উদ্দেশ্য।"ৰাইজে নখ জোকাৰিলে নৈ বয়"--বুলি কোৱা আপ্তবাক্যশাৰী প্ৰতিপন্ন কৰি সকলোৰে যতসামান্য অৰিহণাৰ জৰিয়তে সমাজৰ দুৰ্ভগীয়া লোকসকলৰ মুখত হাঁহি বিৰিঙাই তোলাৰ প্ৰচেষ্টা।"আমি সমাজৰ সেই আৰ্তলোকলকলৰ মুখতো সুখানুভূতি জগাই তুলিব বিচাৰো"-পূৰ্বাঞ্চল চিমেন্ট লিমিটেডৰ পৰিচালন সঞ্চালক বেদান্ত আগৰৱালে এইদৰে মন্তব্য কৰে ।দীপান্বিতা প্ৰধানত ভাৰতবৰ্ষৰ পোহৰৰ মূল উৎসৱ। এই পোহৰৰ উৎসৱে দুষ্কৃতিৰ ওপৰত সংস্কৃতিৰ বিজয়ৰ প্ৰতীক হিচাপে প্ৰতিনিধিত্ব কৰে।দীপান্বিতাত অংশগ্রহণেৰে সকলোৱে সুখ-সমৃদ্ধি কামনা কৰে। মূলতঃ দীপান্বিতাই আনক সমাজৰ সৰ্বস্তৰৰ লোকলৈ স্বাচ্ছন্দ্য আৰু আনন্দৰ জোৱাৰ।
Post Top Ad
Responsive Ads Here
Thursday, 20 October 2022

Home
গুৱাহাটী-ব্যবসায়-বাণিজ্য
সূৰ্য্য চিমেন্টে দীপান্বিতাৰ বতৰত অনাথ ছাত্র-ছাত্ৰী আৰু দুৰ্গতসকললৈ সমাজৰ কল্যাণৰ অৰ্থে আনিছে আনন্দৰ বতৰা।
সূৰ্য্য চিমেন্টে দীপান্বিতাৰ বতৰত অনাথ ছাত্র-ছাত্ৰী আৰু দুৰ্গতসকললৈ সমাজৰ কল্যাণৰ অৰ্থে আনিছে আনন্দৰ বতৰা।
Tags
# গুৱাহাটী-ব্যবসায়-বাণিজ্য
Share This
About W7S News
গুৱাহাটী-ব্যবসায়-বাণিজ্য
Labels:
গুৱাহাটী-ব্যবসায়-বাণিজ্য
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment