ধনতেৰাছ, ২০২২ ৰ প্ৰাকমুহূৰ্তত তনসুখৰাই ৰতনলাল জুৱেলাৰত ক্ৰেতাৰ ভিৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 25 October 2022

ধনতেৰাছ, ২০২২ ৰ প্ৰাকমুহূৰ্তত তনসুখৰাই ৰতনলাল জুৱেলাৰত ক্ৰেতাৰ ভিৰ


 


W7s news গুৱাহাটী,: উত্তৰ-পূৱৰ অন্যতম আগশাৰীৰ গহনা ব্ৰেণ্ড তনসুখৰাই ৰতনলাল জুৱেলাৰ্ছত ধনতেৰাছৰ প্ৰাকমুহূৰ্তত গুৱাহাটীস্থিত তেওঁলোকৰ দুয়োখন গহনা বিপনীতে ক্ৰেতা-গ্ৰাহকৰ ব্যাপক ভিৰ দেখিবলৈ পোৱা গ’ল। উল্লেখ্য যে উত্তৰ-পূৱৰ এই বিশ্বস্ত গহনা ব্ৰেণ্ডটোৱে তেওঁলোকৰ গ্ৰাহকসকললৈ বিভিন্ন অফাৰ আৰু আঁচনি আগবঢ়াইছিল, যাৰ বাবেই উক্ত দিনটোত অপূৰ্ব বিক্ৰীৰ লগতে পৰ্যাপ্ত ভিৰ দেখিবলৈ পোৱা গৈছিল।গহনা বিপনীখনে পঞ্চাশ হাজাৰ টকা আৰু তাতকৈ অধিক মূল্যৰ গহনা ক্ৰয়ৰ ক্ষেত্ৰত প্ৰতিটো ক্ৰয়তে এটাকৈ বিনামূলীয়া ২২ কেৰেট সোণৰ মুদ্ৰা আগবঢ়াইছে। বিনামূলীয়া সোণৰ মুদ্ৰাৰ উপৰিও, তেওঁলোকে সোণ আৰু হীৰাৰ গহনা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সকলো গ্ৰাহককে ৫০ শতাংশলৈকে ৰেহাই আগবঢ়ায়। উল্লেখ্য যে এই আটাইকেইটা অফাৰ আৰু ৰেহাই অহা ২৪ অক্টোবৰ অৰ্থাৎ দেৱালীলৈকে উপলব্ধ কৰোৱা হ’ব।স্মৰ্তব্য যে মহামাৰীৰ পিছত এইটোৱেই মানুহে মুক্তমনে উদযাপন কৰিব পৰা প্ৰথমটো ধনতেৰাছ আৰু দেৱালী আৰু গহনা ব্ৰেণ্ডটোৱে এই উৎসৱৰ সময়ছোৱাত তেওঁলোকৰ প্ৰচাৰ পৰ্যাপ্ত পৰিমাণে বৃদ্ধি কৰিছিল, যাতে তেওঁলোকে তেওঁলোকৰ আকৰ্ষণীয়, অৰ্থপূৰ্ণ যোগাযোগ আৰু বিজ্ঞাপনৰ জৰিয়তে তেওঁলোকৰ কোনো মূল্যৱান গ্ৰাহককে বাদ পৰিবলৈ দিয়া নহয়। ইয়াৰ উপৰিও তেওঁলোকে কেইবাটাও কালেকশ্যনৰ ওপৰত অনবদ্য অফাৰ প্ৰদান কৰে।মহামাৰীৰ সময়ত উৎসৱৰ বতৰবোৰত দুবছৰৰ নিস্তেজ পৰিৱেশৰ পিছত, সকলো মুখ্য গহনা প্ৰতিষ্ঠানেই উৎসৱৰ বতৰত তেওঁলোকৰ সামগ্ৰীৰ ৫০% বৃদ্ধি আৰু শক্তিশালী চাহিদা আশা কৰিছে।আজি দুয়োখন বিপনীতেই উল্লেখনীয় বিক্ৰী সন্দৰ্ভত মন্তব্য কৰি তনসুখৰাই ৰতনলাল জুৱেলাৰৰ সঞ্চালক চাহিব জৈনে কয়, "আমাৰ ভাবিয়েই ভাল লাগিছে যে স্থানীয় লোকসকলে আমাৰ ব্ৰেণ্ডৰ ওপৰত তেওঁলোকৰ বিশ্বাস আৰু আস্থা অটুট ৰাখিছে। আৰু আজিৰ এই অসাধাৰণ বিক্ৰীয়েই ইয়াৰ প্ৰমাণ।" তেওঁ লগতে কয় যে "প্ৰতি বছৰে ধনতেৰাছ আৰু দেৱালী উদযাপনৰ সময়ত, আমি বিভিন্ন আকৰ্ষণীয় উপভোক্তা আঁচনি লৈ আহো আৰু আমাৰ সন্মানীয় গ্ৰাহকসকলৰ সুখ আৰু সন্তুষ্টি মনত ৰাখি সেয়া আগবঢ়াও। আমাৰ সামগ্ৰীৰ অত্যন্ত উচ্চ মানদণ্ডৰ জৰিয়তে আৰু আমাৰ নিষ্ঠা আৰু আবেগৰ জৰিয়তে আমাৰ সন্মানীয় গ্ৰাহকসকলৰ মন জয় কৰিবলৈ আমাৰ প্ৰতিশ্ৰুতিসদায়েই অক্ষুণ্ণ ৰাখিম।"উল্লেখ্য যে তনসুখৰাই ৰতনলাল জুৱেলাৰ্ছ হৈছে উত্তৰ-পূৱৰেই অন্যতম বিশ্বস্ত গহনা ব্ৰেণ্ড আৰু এই বছৰো প্ৰতিবছৰৰ দৰে ধনতেৰাছ আৰু দেৱালী উদযাপনৰ সময়ত প্ৰতিষ্ঠানটোৱে বিভিন্ন আকৰ্ষণীয় উপভোক্তা আঁচনি আগবঢ়াইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here