W7s news,,,শ্বিলং: উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম আগশাৰীৰ চিমেণ্ট ব্ৰেণ্ড মেক্স চিমেণ্টে অলপতে মেঘালয়ৰ আন্তঃবিদ্যালয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈসকলক সম্বৰ্ধনা জনাইছে। চিমেণ্ট ব্ৰেণ্ডটোৱে সদায়েই অনুসৰণ কৰি অহা কলা, সংস্কৃতি আৰু ক্ৰীড়া ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিভাক স্বীকৃতি দিয়া আৰু তেওঁলোকৰ প্ৰচেষ্টাক উৎসাহিত কৰাৰ আদৰ্শৰ অধীনতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।নতুন দিল্লীত অনুষ্ঠিত সুব্ৰত কাপ ফুটবল টুৰ্ণামেণ্টত কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈ জোৱাইস্থিত মিহমিন্দু আৰ চি ইভ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰতিভা প্ৰমাণ কৰিছে।সুব্ৰত কাপ ফুটবল টুৰ্ণামেণ্ট হৈছে ভাৰতৰ নতুন দিল্লীত প্ৰতি বছৰে অনুষ্ঠিত হোৱা এক সন্মানীয় আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতা। সমগ্ৰ এছিয়াৰ বিভিন্ন দেশৰ শিক্ষাৰ্থীসকলে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে, যাৰ ফলত ই বিদ্যালয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাসমূহৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা হিচাপে বিবেচিত হৈ আহিছে। মেক্স চিমেণ্টৰ পৰিচালন সঞ্চালক শ্ৰীযুত বিনীত আগৰৱালাই সন্মানীয় আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাখনত উল্লেখনীয় প্ৰদৰ্শন প্ৰদৰ্শন কৰাৰ বাবে প্ৰশংসাৰে কৰাৰ লগতে মিহমিন্টু আৰ চি ইভ মাধ্যমিক বিদ্যালয়ৰ দল, প্ৰশিক্ষক, খেলুৱৈ আৰু শিক্ষকসকলক সম্বৰ্ধনা জনায়।মেক্স চিমেণ্টে এই বিশেষ অনুষ্ঠানত সংশ্লিষ্টসকলৰ কৃতিত্বক স্বীকৃতি দিবলৈ অলপতে পূৱ জয়ন্তীয়া পাহাৰৰ নংছনিংত থকা কাৰখানা চৌহদত শিক্ষক, প্ৰশিক্ষক আৰু খেলুৱৈসকলৰ সৈতে এখন বৈঠকৰ আয়োজন কৰে। চিমেণ্ট ব্ৰেণ্ডটোৰ পৰিচালন সঞ্চালকে বিদ্যালয় আৰু ইয়াৰ ফুটবল দলটোক এটা উৎকৃষ্ট নজিৰ স্থাপন কৰাৰ বাবে আৰু আনৰ বাবে অনুপ্ৰেৰণা হোৱাৰ বাবে ধন্যবাদ জনায়। তেওঁ দলটোক কেৱল জিলা বা ৰাজ্যতে নহয়, ৰাষ্ট্ৰীয় পৰ্যায়তো ডাঙৰ ডাঙৰ দল আৰু অন্যান্য কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে প্ৰশংসা কৰে। উল্লেখ্য যে ২০০৪ চনত স্থাপিত MRESS সহ-শিক্ষাবিদ্যালয়ে লিংগ, জাতি আৰু ধৰ্ম নিৰ্বিশেষে দশম শ্ৰেণীলৈকে বিভিন্ন নিস্পেষিত শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰি আহিছে। বিদ্যালয়খনে বিশেষভাৱে সক্ষম আৰু আনকি ড্ৰপআউটসকলক শিক্ষা প্ৰদান কৰি আহিছে। পৰিচালন সঞ্চালকগৰাকীয়ে ভৱিষ্যতেও তেওঁলোকৰ প্ৰচেষ্টাসমূহত প্ৰতিষ্ঠানটোক সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে, তেওঁ লগতে দল আৰু বিদ্যালয়খনক সদায় সকলো দিশতে উল্লেখনীয় কাম কৰি যাবলৈ উদগনিও জনায়। উল্লেখ্য য়ে এই সম্বৰ্ধনা অনুষ্ঠানত অঞ্চলটোৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী এল নাথন পালো উপস্থিত আছিল। তেওঁ খেলুৱৈ আৰু বিদ্যালয়খনৰ বাবে আৰ্থিক সাহায্যৰ ব্যৱস্থা কৰি আহিছে। তেওঁ আৰম্ভণিৰে পৰা সহায়ক হোৱাৰ বাবে আৰু ফুটবল দল আৰু বিদ্যালয়ৰ দ্বাৰা প্ৰদৰ্শিত উল্লেখযোগ্য প্ৰদৰ্শনৰ প্ৰশংসা আৰু স্বীকৃতি দিয়াৰ বাবে মেক্স চিমেণ্টক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।
Post Top Ad
Responsive Ads Here
Friday, 14 October 2022

মেক্স চিমেণ্টে মেঘালয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈসকলক সম্বৰ্ধনা জনায়
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment