W7s news গুৱাহাটী: গুৱাহাটী মহানগৰৰ মহিলাসকলৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চ রামানিয়াছে উদ্যোগত খানাপাৰাৰ হোটেল তাজ ভিভাণ্টাত মহিলা আৰু তেওঁলোকৰ সদস্যসকলৰ বাবে ‘জুৱেলাৰী চাগা' শীৰ্ষক এক টক শ্ব'ৰ আয়োজন কৰে। উক্ত অনুষ্ঠানত বহু মহিলাই অংশগ্ৰহণ কৰে। ৱামানিয়াছৰ প্ৰতিষ্ঠাপক দিব্যা ছিঅতিয়া, নীতা শৰ্মা আৰু নুপুৰ আগৰৱালে টক শ্ব'ৰ সকলো পেনেলিষ্টক সম্বর্ধনা জনায়। অনুষ্ঠানটো প্রখ্যাত ফেশ্বন ডিজাইনাৰ পায়েল চাধাই সুন্দৰভাৱে পৰিচালনা কৰে। খ্ৰীষ্টানবস্তিৰ এল. গোপাল জুৱেলাৰ্ছ প্রাইভেট লিমিটেডৰ স্বত্বাধিকাৰী যোগেশ চোনি, জুয়েলাৰী হাবৰ হৰ্ষিতা আগৰৱাল, মানিক চান্দ জুৱেলাছৰ (জি এছ ৰোড) পৰা সাগৰ সিনহা, টিয়াৰা জুৱেলাছৰ স্বত্বাধিকাৰী গীতিকা জৈন, গীতা জুৱেলাছৰ ৰুমি আগৰৱাল,মোহৰ পৰা ৰীতা হৰলালকা, গোল্ডেন উইণ্ডোৰ পূজা খেমকা আৰু ছনিজ জুয়েলাৰ্ছৰ স্বত্বাধিকাৰী জ্যোতি ছনীয়ে পেনেলিষ্ট হিচাপে উপস্থিত থাকে। সোণ, ৰূপ, হীৰা, ৰত্ন আদিৰ ওপৰত প্ৰতিগৰাকী পেনেলিষ্টে তেওঁলোকৰ দৃষ্টিভংগী আৰু বিশেষ মানদণ্ডৰ ওপৰত বক্তব্য আগবঢ়ায়। অনুষ্ঠানটোত উপস্থিত থকা দর্শকসকলৰ পৰা অহা এটা এটা প্ৰশ্নৰ উত্তৰ পেনেলিষ্টসকলে সুন্দৰভাৱে ব্যাখ্যা দাঙি ধৰে। ইপিনে পেনেলিষ্টে উপস্থিত মহিলাসকলক গহনাত বিনিয়োগ কৰাৰ ক্ষেত্ৰত বিশেষভাৱে পৰামৰ্শ আগবঢ়ায়। ৱামমানিয়াছৰ উদ্যোগত আজি আয়োজিত এই গহনাৰ ওপৰত কাৰ্যসূচীটো সকলোৱে প্ৰশংসা কৰে। ৱামানিয়াছৰ গুৱাহাটী মহানগৰৰ মুৰব্বী স্বীটী আগৰৱালে, জাহ্নৱী বাজাজৰ, ৱামানিয়াছৰ সদস্য, স্বেচ্ছাসেৱী সংস্থা লেডিজ চাৰ্কোল ইণ্ডিয়া আৰু বি অ' আইৰ সদস্যসকলে এই অনুষ্ঠানটো সফল কৰাত সহযোগিতা আগবঢ়ায়।
Post Top Ad
Responsive Ads Here
Saturday, 15 October 2022
ৱামানিয়াছৰ উদ্যোগত ‘জুৱেলাৰী চাগা’ টক শ্ব'
Tags
# গুৱাহাটী-ব্যবসায়-বাণিজ্য
Share This
About W7S News
গুৱাহাটী-ব্যবসায়-বাণিজ্য
Labels:
গুৱাহাটী-ব্যবসায়-বাণিজ্য
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment