বিশিষ্ট শিল্পী ৰাজীৱ বৰাৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 10 October 2022

বিশিষ্ট শিল্পী ৰাজীৱ বৰাৰ মৃত্যু

 



W7s news গুৱাহাটী: মাজুলীৰ শ্ৰীশ্ৰী গড়মূৰ সত্ৰৰ মুক্তি যুঁজাৰু জীৱেশ্বৰ বৰাৰ জ্যেষ্ঠ পুত্ৰ, সত্ৰৰ একনিষ্ঠ সেৱক, গড়মূৰ বংশীগোপাল নাট্য মন্দিৰৰ একালৰ শিল্পী বৰ্তমান গুৱাহাটীৰ বাসিন্দা তথা গুৱাহাটীৰ “মাজুলীৰ এসাঁজ”ৰ স্বত্বাধিকাৰী


ৰাজীৱ বৰা সোমবাৰে পুৱা ৪-১৫ বজাত কলকাতাৰ ৰবীন্দ্ৰ নাথ ঠাকুৰ ইনষ্টিটিউট অৱ কাৰ্ডিঅ' চায়েন্সত মৃত্যু হয়। বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাতে বৰাৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬০ বছৰ। মাজুলীৰ থলুৱা কৃষ্টি-সংস্কৃতিৰ সমাহাৰেৰে “মাজুলী মহোৎসৱ”ৰ পাতনি মেলা ৰাজীৱ বৰাৰ আকস্মিক বিয়োগত মাজুলীত শোকৰ ছাঁ পৰে ৷ তেওঁ গুৱাহাটীত স্থায়ীভাৱে বসবাস কৰে যদিও উৎসৱ-পাৰ্বনত মাজুলীত উপস্থিত হৈ গড়মূৰ সত্ৰৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ৷তেওঁৰ আকস্মিক মৃত্যুৰ বতৰা পাই বহুলোক সত্ৰৰ নিজাগৃহত মাতৃ নিৰুপমা বৰাক সমবেদনা জ্ঞাপন কৰি মৃতকৰ আত্মাৰ সদ্‌গতি কামনা কৰে ৷ তেওঁৰ মৃত্যুত গড়মূৰীয় সত্ৰাধিকাৰ পৰমানন্দ দেৱগোস্বামীয়ে গভীৰ শোক প্ৰকাশ কৰি মৃত আত্মাৰ সদ্‌গতি কামনা কৰাৰ লগতে পৰিয়ালবৰ্গক সমবেদনা জনায় ৷ গড়মূৰ সত্ৰ পৰিচালনা সমিতি, গড়মূৰ সত্ৰ মহিলা সমাজ, গড়মূৰ পীতাম্বৰদেৱ যুৱক কল্যাণ সংঘ আদিয়ে শিল্পী বৰাৰ মৃত্যুত  শোক প্ৰকাশ কৰি আত্মাৰ সদ্‌গতি কামনা কৰে পৰিয়ালবৰ্গক সমবেদনা জনায় ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, এজন পুত্ৰ, মাতৃ, দুজন ভাতৃ, দুজনী ভগ্নী সহ বহু আত্মীয় স্বজনক এৰি যায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here