পশ্চিম গুৱাহাটী সমষ্টিৰ ৰানী বিক্ৰমপুৰত প্ৰাথমিক শাখত শঙ্কৰদেৱৰ জন্মজয়ন্তী উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 5 October 2022

পশ্চিম গুৱাহাটী সমষ্টিৰ ৰানী বিক্ৰমপুৰত প্ৰাথমিক শাখত শঙ্কৰদেৱৰ জন্মজয়ন্তী উদযাপন

 


 W7s news গুৱাহাটী : আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী ৷ পশ্চিম গুৱাহাটী সমষ্টিৰ বিক্ৰমপুৰত প্ৰাথমিক শাখাত মহাপুৰুষ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ ভাগি উলহমালহেৰে পালন কৰা হয় ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিক্ৰমপুৰ প্ৰাথমিক শাখাৰ  নামঘৰৰ প্ৰাঙ্গণত এদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মজয়ন্তী উৎসৱভাগি অনুষ্ঠিত হয় ৷ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱত ভক্তিৰসেৰে জীপাল হৈ পৰে সমগ্ৰ অঞ্চল ৷ ৰাতিপুৱা কাৰ্যসূচী অনুসৰি নাম প্ৰসংগ, ধৰ্মধ্বজা উত্তোলন কৰে প্ৰাথমিক শখাৰ জ্যেষ্ঠ


বাপ চৱীন চন্দ্র দাসে।লগতে ভাগৱত শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ ভাগৱত শোভাযাত্ৰা কাৰ্যসূচীৰ জৰিয়তে নামঘৰৰ  ঘাইপথেৰ ধৰি কেইবা কিলোমিটাৰ এলেকা সামৰি বিশাল ভাগৱত শোভাযাত্ৰা উলিওৱা হয়  ৷ শোভাযাত্ৰাত কেইবাটাও মহিলাৰ নামৰীয়া দলে অংশগ্ৰহণ কৰাৰ লগতে পদুলিয়ে পদুলিয়ে শৰাই দি ভাগৱতৰ লগতে ভকতৰ সেৱা গ্রহণ কৰে বলি শাখাৰ সভাপতি কিৰণ নাতে জানিবলৈ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here