W7s news গুৱাহাটী : শাৰদীয় দুৰ্গা পূজাৰ আনন্দ উলাহৰ মাজতে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ দীপৰ বিল আৰু ব্ৰহ্মপুত্ৰ সংযোগী খানা নৈৰ পানীত উঠিছে মাছৰ উজান । বৃহত্তৰ খানামুখ অঞ্চলকে ধৰি খানা নৈৰ দুয়ো পাৰৰ একাংশ বাসিন্দাই পূজাৰ বন্ধৰ সুযোগ লৈ বিগত দিন কেইটাত জালেৰে খানা নৈত মাছ ধৰা পৰিলক্ষিত হৈছে । জালত জাকে জাকে উঠিছে নাৰ,ভাঙন, বৰালি, কৰতি ,পুঠি আদিকে ধৰি বহু মাছ । উল্লেখ্য, বিগত দুদিনমানৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাত দীপৰ বিলৰ পানীভাগ খানা নৈৰে ওলাই গৈ ব্ৰহ্মপুত্ৰৰ দিশে গতি কৰিছে । দীপৰ বিলৰ পানী ব্ৰহ্মপুত্ৰৰ দিশে গতি কৰি থকাৰ ফলত পানীৰ সৈতে আহিছে জাকে জাকে মাছ ভখুণ্ডা,জংগৰাবড়ী,জানৰপাৰ,ফুকনৰপাৰ,কেহেৰুবাৰী, নোৱাপাৰা , হাওৰাপাৰ, দীপনগৰ আদিকে ধৰি খানা নৈৰ দুয়ো পাৰৰ ৰাইজে খানা নৈত জালপাতি ধৰিছে অসংখ্য মাছ । মাছ মৰাৰ আনন্দত খানা নৈৰ পাৰত সৃষ্টি হৈছে আনন্দমুখৰ পৰিৱেশ । মনকৰিবলগীয়া যে প্ৰত্যেক বছৰে ভাদ আৰু আহিন মাহত দূৰ্গা পূজাৰ আগে পাছে খানা নৈত থলুৱা মাছৰ উজান উঠে । যাৰ বাবে সুযোগ বুজি ব্যস্ততাৰ মাজতো তাৰ বাসিন্দা সকলে পৰম্পৰাগত ভাবে খানা নৈত মাছ ধৰি আহিছে।
No comments:
Post a Comment