W7s news গুৱাহাটী : গুৱাহাটী প্ৰেছ ক্লাৱত সোমবাৰে 'বিশ্বৰ অষ্টম আশ্চৰ্য স্বৰূপ বৃন্দাৱনী বস্ত্ৰ' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। লেখক, কবি, সাহিত্যিক সতীশ ওজাৰ গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰে কয়-বৃন্দাৱনী বস্ত্ৰৰ বিষয়ে মানুহে জানিব লগীয়া বহু কথা বিশ্বৰ অষ্টম আশ্চৰ্য স্বৰূপ বৃন্দাৱনী বস্ত্ৰ'ত সন্নিবিষ্ট কৰা হৈছে। শ্ৰীমন্ত শঙ্কৰদেৱ অসমীয়া জাতিৰ প্ৰাণ। তেওঁক বাদ দি অসমৰ ছবি আঁকিব পৰা নাযায়। গুৰুজনাই জাতিক পোহৰৰ বাট দেখুৱাইছিল। অসমীয়াৰ সকলো আছিল,সকলো আছে কিন্তু আমি নুশুনো নলও নাম। লেখকে এখন মূল্যবান গ্ৰন্থ লিখি উলিয়াইছে। গ্ৰন্থখনে আমাৰ চৈতন্য জাগ্ৰত কৰিব, আমাৰ কৃষ্টি সংস্কৃতিক লৈ গৌৰৱ কৰাৰ সুযোগ দিব।লেখকে গ্ৰন্থখনত বৃন্দাৱনী বস্ত্ৰ সম্পৰ্কে বিস্তৃতভাৱে বিশ্লেষণ কৰিছে। অস্পৃশ্যতাৰ বিৰুদ্ধে গুৰুজনাই আজিৰ পৰা ৫০০ বছৰ পূৰ্বে সুন্দৰ নিদৰ্শন দেখুৱাই গৈছে। কিন্তু আমি গুৰুজনাক যিদৰে বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিছিল সেইদৰে কৰিব পৰা নাই। বৈষ্ণৱ সাহিত্যলৈ এইখন গ্ৰন্থ অনবদ্য অৱদান।' প্ৰাক্তন সাংসদ, সাংস্কৃতিক কর্মী কুমাৰ দীপক দাসে বিশিষ্ট অতিথিৰ ভাষণত কয়-বৃন্দাৱনী বস্ত্ৰ গঢ়িবলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক ৰজা নৰনাৰায়ণে অনুৰোধ জনাইছিল।
বৃন্দাৱনী বস্ত্ৰ বুলিলে মথুৰাদাস বুঢ়া দাসৰ নাম লব লাগিব। এই গ্ৰন্থখনে বৃন্দাৱনী বস্ত্ৰ সম্পৰ্কে বহুখিনি তথ্য আনি দিব। লগতে লেখকে এই গ্ৰন্থখনৰ জৰিয়তে অন্য এটা মাত্ৰা পাব।' সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট লেখক, সাংস্কৃতিক কর্মী গোপাল জালানে কয়-এই গ্ৰন্থখনৰ জৰিয়তে নতুন প্ৰজন্ম উদ্বুদ্ধ হ'ব পাৰিব। এই মূল্যবান গ্ৰন্থখন সকলো ধৰণৰ বিপনীত উপলব্ধ কৰোৱা উচিত। লগতে গ্ৰন্থখনৰ কেইটামান কপি ইংৰাজীলৈ অনুবাদ কৰা উচিত যাতে বাহিৰৰ পাঠকেও এই গ্ৰন্থখনৰ জৰিয়তে উপকৃত হ'ব পাৰে।' সভাত বিশিষ্ট লেখক, সংস্কৃতিৰ সাধক, অধ্যাপক ড০ ভূপেন ৰায় চৌধুৰীয়ে কয়-গৱেষণা কৰি লেখকে এই গ্ৰন্থখন লিখি মহৎ কাম সমাধান কৰিছে। গ্ৰন্থখনে পাঠক সমাজক উপকৃত কৰিব।'
সভাৰ আৰম্ভণিতে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ প্ৰতি মৃত্যুত শোক প্ৰকাশ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। তুল তুল শইকীয়াৰ বৰগীতেৰে শুভাৰম্ভ হোৱা সভাখন আঁত ধৰে বিশিষ্ট লেখক, সুৰকাৰ অৱনী ৰঞ্জন পাঠকে। সভাত বিশিষ্ট লেখক, সুৰকাৰ অৱনী ৰঞ্জন পাঠক আৰু প্ৰশাসনিক বিষয়া দিঠকানন্দ হাজৰিকাই গীত পৰিবেশন কৰে। লেখকে গ্ৰন্থখনৰ আঁৰৰ কথা কয়। সভাত শৈলজা হাজৰিকা প্ৰমুখ্যে বহুসংখ্যক লোক উপস্থিত থাকে। সভাত গ্ৰন্থখনৰ প্ৰকাশক জগৎ বৰাই শলাগৰ শৰাই আগবঢ়ায়।
No comments:
Post a Comment