পটেনছিয়েল আৰু কনচেপ্ট এডুকেচনৰ ছাত্ৰৰ নীট ২০২২ (NEET 2022) প্ৰৱেশ পৰীক্ষাত কৰিলে অভিলেখ সৃষ্টি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 9 September 2022

পটেনছিয়েল আৰু কনচেপ্ট এডুকেচনৰ ছাত্ৰৰ নীট ২০২২ (NEET 2022) প্ৰৱেশ পৰীক্ষাত কৰিলে অভিলেখ সৃষ্টি

 


পটেনছিয়েল আৰু কনচেপ্ট এডুকেচনৰ সমৰ্দ্ধনা অনুষ্ঠান




W7s news গুৱাহাটী : নেশ্বনেল টেষ্টিং এজেন্সিয়ে

(National Tasting Agency) জুলাই মাহত অনুষ্ঠিত হোৱা নীট ২০২২(NEET - ২০২২) প্রৱেশ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে। নীট ২০২২

(NEET 2022) হ'ল ভাৰত তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মেডিকেলৰ ক্ষেত্ৰত সকলোতকৈ কঠিন আৰু শ্ৰেষ্ঠ প্ৰৱেশ পৰীক্ষা। এই প্ৰৱেশ পৰীক্ষাত উত্তীর্ণ হৈ ভাৰতৰ বিভিন্ন খ্যাতি সম্পন্ন চৰকাৰী মেডিকেল কলেজত নামভৰ্তি কৰাৰ সুবিধা লাভ কৰিব পাৰি।অন্য বছৰৰ দৰে এই বছৰো গুৱাহাটীৰ পটেনছিয়েল আৰু কনচেপ্ট এডুকেচনৰ ছাত্ৰ-ছাত্ৰীয়ে নীট ২০২২( NEET - ২০২২) প্ৰৱেশ পৰীক্ষাত যোগ্য প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।এই সফলতা আৰু আনন্দৰ মুহূৰ্তত পটেনছিয়েল আৰু কনচেপ্ট এডুকেচনৰ কৰ্তৃপক্ষই শুকুৰবাৰে এক সমৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত 

পটেনছিয়েল আৰু কনচেপ্ট এডুকেচনৰ পৰিচালন সঞ্চালক বিকাশ চিছ'ডিয়াই কয় যে আমি আমাৰ সমূহ কৰ্মকৰ্তাৰ কঠোৰ পৰিশ্ৰমৰ ফলত এই ফলাফল পাবলৈ সক্ষম হৈছে। আমি আমাৰ সমূহ উত্তীর্ণ ছাত্ৰ-ছাত্ৰীক লৈ গৌৰৱ অনুভৱ কৰিছো যে তেওঁলোকে অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। আমাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে কৰা কঠোৰ পৰিশ্ৰম আৰু ছাত্ৰ-ছাত্ৰীসকলৰ চেষ্টাৰ ফলত এই ফলাফলৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হ'লো। আমি আশাবাদী যে এই ফলাফলে উঠি অহা যুৱ প্ৰজন্মৰ উৎসাহ আৰু উদ্দীপনা বঢ়াব ।নীট ২০২২(NEET - ২০২২) ত পটেনছিয়েল আৰু কনচেপ্ট এডুকেচনৰ ছাত্ৰ-ছাত্ৰীয়ে আশানুৰূপ ফলাফল দাঙি ধৰিবলৈ সক্ষম হৈছে। 

নীট ২০২২ (2022 ৰ NEET) পৰীক্ষাত পটেনছিয়েল এণ্ড কনচেপ্ট এডুকেচনৰ ২৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৬০০ নম্বৰতকৈ অধিক নম্বৰ লাভ কৰে। এই ছাত্ৰ-ছাত্ৰী সকলৰ নাম আৰু নম্বৰসমূহ হ'ল

ঈশান ছৈনি (৬৭৩),

(Ishaan Saini ( 673),

স্বপ্ননীল ভট্টাচাৰ্য (৬৭৬)

 (Swapnaneel Bhattacharjee (676),)

মৃদুস্মিতা শর্মা (৬৫৬)

 (Madhusmita Sharma) (656),ধুৰ্জিত শইকীয়া ৬৫২,

(Dhurjati Saikia (652), 

দিপান্বিতা দাস (৬৪১),

 (Dipandita Das (641), 

পাৰ্থ সাৰথি পুৰকায়স্থ (৬৪০)

(Partha Sarathi Purkayastha ( 640 ),

ৰিচিতা বেজবৰুৱা (৬৩৪),

 Rishita Bezbaruah (634),

সুদিপ্ত বৰঠাকুৰ (৬১৬),

 Sudipto Borthakur (616),

অপৰ্ণা দে (৬১৫)

( Aparupa Dey (615),

সদবাৰ্গ চালাম (৬১৪),( Sadbarg Salam ( 614)

অভিজ্ঞান দত্ত (৬১২), 

(Abhigyan Dutta (612),

চন্দানি সুৰেখা (৬০৯)

 Chandani Sureka (609),

ত্ৰিৰংগম কলিতা (৬০৯),

 (Trirangam Kalita (609),

জ্যোতিষ্মান হালৈ (৬০৮)

 (Jyotishman Haloi (608),

অখিৰুজ জামান (৬০৯), (Akhiruz Zaman Ahmed 603) আৰু ১৮০ জনতকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে ৫০০ নম্বৰতকৈও অধিক নম্বৰ পাবলৈ সক্ষম হৈছে। তেওঁ লগতে কয় যে ২৫০ ত কৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী মেডিকেল কলেজত প্ৰৱেশ কৰিব বুলি আশা কৰা হৈছে। শেষত কৰ্তৃপক্ষই জনায় যে এই ফলাফল বহুত সাধনাৰ ফলত আৰু এই ফলাফলে তেওঁলোক তথা ছাত্র-ছাত্রীক দুগুণ উৎসাহেৰে কাম কৰি যাবলৈ অনুপ্ৰেৰণা যোগায়। নীট ২০২২ ( NEET - ২০২২) প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলো ছাত্র-ছাত্রীক শুভেচ্ছা জনায় আৰু আগন্তুক দিনত এনেধৰণৰ ফলাফল আনি উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ গঢ়াৰ ক্ষেত্ৰত কাম কৰি যোৱাৰ কথা ঘোষণা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here