গুৱাহাটীৰ শিলপুখুৰী লেনভ'ৰ এক্সক্লুছিভ শ্ব“ ৰুম মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 9 September 2022

গুৱাহাটীৰ শিলপুখুৰী লেনভ'ৰ এক্সক্লুছিভ শ্ব“ ৰুম মুকলি


 

W7s news,,গুৱাহাটী,... গুৱাহাটীৰ আগশাৰীৰ আই টি ব্ৰেণ্ড লেনভই গুৱাহাটীৰ জি এন বিৰ ৰোডৰ লক্ষ্মী ছাৰ্ভিচ চেণ্টাৰৰ সমীপৰ শিলপুখুৰীত লেনভ' এক্সক্লুছিভ শ্ব'ৰুম  মুকলি কৰে। কোম্পানীৰ মাণ্ডলিক প্রবন্ধক পার্থ চক্ৰৱতীয়ে লেনভ'ৰ এক্সক্লুছিভ শ্ব 'ৰুমটো মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত শাখাৰ মুৰব্বী ৰাশী পেৰীফোলছ, ৰাজেশ আগৰৱাল আৰু চি এছ ট্রেড লিং প্রাইভেট লিমিটেডৰ ব্যৱসায় মুৰব্বী ৰাজশ্ৰী বেনাৰ্জী উপস্থিত থাকে। চি এছ গ্ৰুপ হৈছে উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ বিভিন্ন ব্ৰেণ্ডৰ মাষ্টাৰ ফ্ৰেনছাইজী। বিভিন্ন ব্ৰেণ্ডৰ ৫৫টা এক্সক্লুছিভ খুচুৰা প্ৰতিষ্ঠান পৰিচালনা কৰাৰ লগতে উত্তৰ পূব ভাৰতৰ ১৯খন চহৰত তেওঁলোকৰ ব্যৱসায় পৰিচালনা কৰিছে। গুৱাহাটীৰ শিলপুখুৰীত লেনভৰ প্ৰথমটো বিক্ৰী কেন্দ্ৰ মুকলি কৰা হৈছে। কম মিতব্যই, উৎকৃষ্ট মানদণ্ড আৰু গ্ৰাহকৰ অভিজ্ঞতা আৰু সেৱা যোগ্যতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। গুৱাহাটী মহানগৰবাসীৰ বাবে এই কেন্দ্ৰটো এক উৎকৃষ্ট কেন্দ্ৰ হিচাপে বিবেচিত হ'ব বুলি চি এছ ট্রেড লিং প্রাইভেট লিমিটেডৰ সঞ্চালক বিজয় দুর্গাই আশা প্রকাশ কৰে। লেনভৰ ষ্টৰত অভিজ্ঞ কৰ্মচাৰী, উন্নত মানদণ্ডৰ সামগ্ৰী উপলব্ধ কৰা হৈছে। গ্ৰাহকক উৎকৃষ্ট সেৱা প্ৰদান কৰাই হৈছে মূল লক্ষ্য চি এছ গ্রুপৰ। ৫০০ বর্গফুটত স্থাপিত এই কেন্দ্রটোত বিভিন্ন মডেলৰ লেনভা লেপটপ, ডেক্সটপ, মনিটৰ আৰু গ্ৰাহকৰ বিভিন্ন লাভজনক লেনভৰ সা-সামগ্ৰী উপলব্ধ কৰা হৈছে। গ্ৰাহকক প্রযুক্তি সম্পৰ্কীয় সেৱা আগবঢ়োৱাৰ লগতে বিভিন্ন ধৰণৰ অফাৰৰ ব্যৱস্থা কৰা হৈছে বুলি চি এছ প্রাইভেট লিমিটেডৰ ব্যৱসায় মুৰব্বী ৰাজশ্ৰী বেনাৰ্জীয়ে উল্লেখ কৰে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত লেনভাৰ কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি বেনাৰ্জীয়ে উল্লেখ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here