প্রতিষ্ঠিত ব্যবসায়ী নৰেন্দ্ৰ ছনিক “এণ্টাৰপ্ৰেনিয়াৰ অৱ দ্যা ইয়েৰ "২০২২” বঁটা প্রদান নিউজ ১৮ নেটৱৰ্কৰ, - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 23 September 2022

প্রতিষ্ঠিত ব্যবসায়ী নৰেন্দ্ৰ ছনিক “এণ্টাৰপ্ৰেনিয়াৰ অৱ দ্যা ইয়েৰ "২০২২” বঁটা প্রদান নিউজ ১৮ নেটৱৰ্কৰ,


 



W7s news গুৱাহাটী

প্ৰতিষ্ঠিত ব্যৱসায়ী নৰেন্দ্ৰ ছনিক নিউজ১৮ নেটৱৰ্কে “এণ্টাৰপ্ৰেনিয়াৰ অৱ দ্যা ইয়েৰ ২০২২” বঁটা প্ৰদান কৰে। গুৱাহাটীৰ হোটেল ৰেডিচন ব্লু'ত নিউজ১৮ অসম নর্থইষ্টে আয়োজন কৰা এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই উপভোক্তা ইলেকট্রনিকছ আৰু হোম এপ্লিয়েনছৰ ক্ষেত্ৰখনত তেওঁৰ অৱদানৰ বাবে নৰেন্দ্ৰ ছনিক স্মাৰক আৰু প্ৰমাণপত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানটোত প্ৰতিষ্ঠিত ব্যৱসায়ী নৰেন্দ্ৰ ছনি আৰু পুত্ৰ ৰাহুল ছনিয়ে নিউজ১৮ নেটৱৰ্ক গ্ৰুপৰ সম্পাদক ৰাজেশ ৰাইনাৰ পৰা এই বঁটা গ্ৰহণ কৰে। উক্ত অনুষ্ঠানত অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাৰ লগতে উদ্যোগীক ক্ষেত্ৰখনৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনিডা ব্লেক এণ্ড হোৱাইট টিভিৰ বিক্ৰী প্ৰবন্ধক হিচাপে কৰ্ম জীৱন আৰম্ভ কৰা ছনিয়ে ১৯৯৬ চনত ইলেকট্রনিকছ এণ্ড হোম এপ্লিয়েনছৰ ব্যৱসায় আৰম্ভ কৰে। ২৬ বছৰীয়া এই ব্যৱসায়িক ক্ষেত্ৰখনত ২৫ হাজাৰতকৈ অধিক গ্ৰাহকৰ সৈতে ভাল সম্পর্ক গঢ়ি উঠে। শেহতীয়াকৈ চনমাৰিত থকা এল জি এক্সক্লুশ্বিপ শ্ব’কম “চাৰকিইট চিটি”য়ে এল জিৰ বেষ্ট বিপনী হিচাপে এল জি এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে। গুৱাহাটীৰ বিভিন্ন প্ৰান্তত ছনিয়ে তিনিটা শ্ব'ৰূম মুকুলি কৰিছে। প্ৰথম টো চনমাৰিৰ ‘চাৰকিইট চিটি’, জু ৰোডত ‘নেক্সট ডিজিটেল হোম' আৰু উলুবাৰীত ‘নেক্সট ইলেকট্রনিকছ। বঁটা গ্ৰহণ কৰি ছনিয়ে গ্ৰাহকসকলৰ পৰা পোৱা সঁহাৰিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here