দিছ্পুৰ প্ৰেছ ক্লাৱত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সংবাদ মেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 15 September 2022

দিছ্পুৰ প্ৰেছ ক্লাৱত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সংবাদ মেল

 


শ্ৰীৰামপুৰ, ধেমাজি, শিমলুগুৰিত ৰেল অৱৰোধেৰে পুনৰ তীব্ৰতৰ কৰিব জনজাতিকৰণৰ দাবীঃ বিজেপি চৰকাৰক সকীয়াই সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ ঘোষণা -- 


এইবাৰ ধৰ্মীয় আৱেগত নহয়, জাতিৰ আবেগত- জাতিৰ বাবেহে দিব ভোটঃ সংবাদমেলত প্ৰণৱ নাৰায়ণ দেৱ




W7s news গুৱাহাটী:  চৰকাৰৰ মিথ্যাচাৰ আৰু প্ৰবঞ্চনাৰ প্ৰতিবাদত অসম পুনৰ অশান্ত হ’ব ৷ ৰেল অৱৰোধ আৰু যিকোনো ধৰণৰ প্ৰতিবাদেৰে চৰকাৰৰ বঞ্চনাৰ প্ৰত্যুত্তৰ দিব অসমৰ কোচ ৰাজবংশীসকলে ৷ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ণ দেৱে বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত এইদৰে চৰকাৰক সকীয়াই দিয়ে।কোচ ৰাজবংশীসকলক বিজেপি চৰকাৰে পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ পৰা ৰাজ্যৰ আটাইতকৈ সৰ্ববৃহৎ জনগোষ্ঠীটোৰ আবেগ অনুভূতিক ভৰিৰে মোহৰা বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰি প্ৰণৱ নাৰায়ণে দেবে লগতে কয়-ৰাজ্যসভাত ইতিমধ্যে জনজাতিকৰণৰ সম্পৰ্কে এখন বিধেয়ক উত্থাপন হোৱাৰ পিছত মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ কোনো প্ৰয়োজন নাই ৷ চৰকাৰে মডেলিটি কমিটিৰ প্ৰতিবেদনৰ কথা কৈ আমাক আভুৱা ভাৰি অহাটো হাস্যকৰ বিষয় ৷ জনগোষ্ঠীকেইটাক জনজাতিকৰণ কৰাত আপত্তি নাই বুলি ৰাজ্য চৰকাৰে কেন্দ্ৰক এটা মাত্ৰ প্ৰস্তাৱ দিলেই বুধবাৰে কেন্দ্ৰীয় কেবিনেটত কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ’লহেতেন ৷ কোচ ৰাজবংশী সন্মিলনীয়ে নৱেম্বৰ মাহৰ পৰা জনজাতিকৰণৰ দাবীত ৰেল অবৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰিছো ৷ শ্ৰীৰামপুৰত অৱৰোধ কৰাৰ পৰৱৰ্তী সময়ত উজনি অসমৰ ধেমাজি আৰু শিমলুগুৰিত অৱৰোধ কাৰ্য্যসূচী ৰূপায়ণ কৰা হ’ব৷আনহাতে জনজাতিকৰণৰ বিষয়টো যিহেতু ৰাজনৈতিক বিষয় গতিকে ৰাজনৈতিকভাৱেই প্ৰতিবাদ গঢ়ি তোলা হ’ব।   জনজাতিকৰণৰ প্ৰতিশ্ৰুতি কেৱল নিৰ্বাচনৰ আগে আগেহে দিয়ে আৰু বাকী সময়ত পাহৰি পেলায় ৷নিৰ্বাচন আহিলেই জনগোষ্ঠীয় দল সংগঠন সমূহৰ সৈতে আলোচনাত বহে আৰু বিভিন্ন প্ৰলোভনেৰে ভোট লয়৷ কোচ ৰাজবংশী জনগোষ্ঠীয়ে এইবাৰ ধৰ্মীয় আবেগত নহয়, জাতিৰ আবেগতহে আৰু জাতিৰ বাবেহে ভোট দিব। অসমৰ সৰ্ববৃহৎ ভূমিপুত্ৰ কোচ ৰাজবংশী সকলক কিয় বাৰে বাৰে বঞ্চিত কৰি অহা হৈছে ৷ গণতান্ত্ৰিক আন্দোলন, প্ৰতিবাদৰ ভাষা নুবুজা চৰকাৰে কিয় বাৰে বাৰে জনগোষ্ঠীটোৰ সহজ সৰল মানুহবোৰক কঠোৰ পদক্ষেপ ল’বলৈ উচতনি দিছে ৷ কোচ ৰাজবংশীকে ধৰি ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতিৰে ২০১৪ ৰ লোকসভা নির্বাচন, ২০১৬ আৰু ২০২১ৰ বিধানসভা নিৰ্বাচনত শাসনলৈ অহা বিজেপি চৰকাৰে জনগোষ্ঠীকেইটাক জনজাতিকৰণৰ পৰিবৰ্তে অন্যান্য পিছপৰা শ্ৰেণীৰ ভিতৰতে বিশেষ সুবিধা প্ৰদান কৰাৰহে প্ৰস্তাৱ দিয়াৰ বিপৰীতে পাঁচ ৰাজ্যৰ ১২ টা জনগোষ্ঠীক জনজাতিকৰণৰ কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিলে। অসমৰ কোচ ৰাজবংশী সকলক কেৱল নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈহে বিজেপিয়ে পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰি আহিছে। প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মালৈকে সকলোৱেই মিছা প্ৰতিশ্ৰুতি আৰু আশ্বাস প্ৰদানেৰে আভূৱা ভাৰি আহিছে আমাক৷ আৰু ইয়াৰ পৰিবৰ্তে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকতে হিমাচল প্ৰদেশ, কৰ্ণাটক, চত্তিশগড়, তামিলনাডু আৰু উত্তৰ প্ৰদেশৰ ১২ টাকৈ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই পাঁচ ৰাজ্যত হ’ব লগা সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য কৰিয়েই চৰকাৰে ৰাজ্য কেইখনৰ ১২ টা জনগোষ্ঠীক জনজাতিকৰণ কৰিছে অথচ ১৯৯৬ চনতেই ৰাষ্ট্ৰপতিয়ে অধ্যাদেশৰ জৰিয়তে জনজাতিৰ মৰ্যাদা প্ৰদান কৰা কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা দিয়াৰ ক্ষেত্ৰত কোনো বাধা নথকা স্বত্বেও জনজাতকৰণ নকৰিলে ৷ কিয় বাৰে বাৰে এই প্ৰতাৰণা ?” বিজেপি চৰকাৰক আশ্বাস প্ৰদানৰ  ৰাজনীতি সময় শেষ হৈ নৌযাওঁতেই পৰিত্যাগ কৰিবলৈ আহ্বান জনাই তেওঁ পুনৰ কয়, “ বুধবাৰৰ দিনটোতে বিজেপি চৰকাৰে আমাৰ জনগোষ্ঠীটোৰ প্ৰতি চূড়ান্ত অন্যায় আৰু বঞ্চনাৰ আন এক নিদৰ্শন দাঙি ধৰিলে অসম বিধান সভাতো ৷ অসম গণ পৰিষদৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ সম্পৰ্কত চৰকাৰৰ কিবা পদক্ষেপ আছে নেকি বুলি জানিব বিচাৰি কৰা প্ৰশ্নত বিধান সভাত চৰকাৰে দিয়া উত্তৰে পুণৰাই চৰকাৰৰ মিথ্যাচাৰকে প্ৰমাণ কৰিলে ৷ আনহাতে  ৰাজ্যসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়ক উত্থাপন আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত কেবিনেট উপ- সমিতি গঠন ইত্যাদি প্ৰকৃততে জনগোষ্ঠীকেইটাক আভুৱা ভৰাৰহে একো একোটা কৌশল আছিল। 'কা' বিৰুধী আন্দোলনৰ পৰা ছয়জনগোষ্ঠীক নিলগাই ৰখাৰ স্বাৰ্থতহে ৰাজ্যসভাত জনজাতিকৰণৰ বিধেয়কখন উত্থাপন হৈছিল আৰু ইয়াৰ পাছত মডেলিটীৰ বাবে হিমন্ত বিশ্বশৰ্মাৰ সভাপতিত্বত কেবিনেট উপ-সমিতি গঠন কৰিছিল।' সংবাদমেলত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক ৰণাদিত্য কুমাৰ বৰ্মন, উপ-সভাপতি খগেনজিৎ ঠাকুৰীয়া, কোচ ৰাজবংশী যুৱ -ছাত্ৰ সন্মিলনীৰ সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ ডেকা উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here