আপ মহিলা শক্তিৰ সংবাদ মেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 15 September 2022

আপ মহিলা শক্তিৰ সংবাদ মেল




মাইক্ৰফাইনেন্স ঋণ ৰেহাইৰ ক্ষেত্ৰত  মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ সময়ত মিছা প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগ


 মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি বাস্তৱত প্ৰতিফলিত হোৱা নাই 


মাইক্ৰফাইনেন্সৰ ঋণলোৱা সকলো মহিলাক ১০০ এশ ঋণ ৰেহাই দিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল


মাত্ৰ ১৩  শতাংশ মহিলাকহে মাইক্ৰফাইনেন্স ঋণ ৰেহাই কৰিছে চৰকাৰে


১২ হাজাৰ ৫০০ কোটি টকাৰ মাইক্ৰফাইনেন্স ঋণৰ বিপৰীতে মাত্ৰ ১ হাজাৰ ৫৯৯ কোটি টকাহে ৰেহাই কৰিছে চৰকাৰে 




মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিব বুলি জীয়া ফাঁকি দিছিল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই


এশ শতাংশ ঋণ ৰেহাই দিয়ক অসমৰ মহিলাক



মুখ্যমন্ত্ৰীক পদত্যাগৰ দাবী 


W7s news গুৱাহাটী: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২১ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত প্ৰতিখন সভাতে চিঞৰি চিঞৰি এটাই কথা কৈছিল যে বিজেপি চৰকাৰ হ'লে সকলো মহিলাৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিব। কিন্তু চৰকাৰ গঠন কৰি বিজেপি দলে সম্পূৰ্ণ লুটিবাগৰ মাৰিলে-এই অভিযোগ আম আদমি পাৰ্টীৰ মহিলা শক্তিৰ। মহিলা শক্তিৰ নেতৃত্বই বৃহস্পতিবাৰে গুৱাহাটীস্থিত আম আদমি পাৰ্টি (আপ)ৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠানত এক সংবাদমেলত এই অভিযোগ উত্থাপন কৰে। সংবাদ মেল সম্বোধন কৰি আম আদমি পাৰ্টিৰ মহিলা শক্তি, অসমৰ

ৰাজ্যিক সম্পাদক মিতালী গগৈ ঢেকিয়াল ফুকনে

 কয়- চলিত বিধানসভা অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই নিজে জনোৱা মতে, আজিৰ তাৰিখলৈ ১২ হাজাৰ ৫০০ কোটি টকাৰ মাইক্ৰ' ফাইনেন্সৰ ঋণৰ বিপৰীতে মাত্র ১ হাজাৰ ৫৯৯ কোটি টকাহে ৰেহাই দিয়া হৈছে। অর্থাৎ, হিমন্ত বিশ্ব শৰ্মাই সকলোৰে ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতিৰে চৰকাৰ গঠন কৰি পাভলুটি মাৰিলে। হিমন্ত বিশ্বৰ এয়া মিথ্যাচাৰেই নহয়, বিশ্বাস ভংগৰো দোষত দোষী।মাইক্ৰফাইনেন্স ঋণ ৰেহাইৰ ক্ষেত্ৰত  মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ সময়ত মিছা প্ৰতিশ্ৰুতি দিছিল। কিয়নো মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি বাস্তৱত প্ৰতিফলিত হোৱা নাই। মাইক্ৰফাইনেন্সৰ ঋণলোৱা সকলো মহিলাক ১০০ এশ ঋণ ৰেহাই দিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছিল।মাত্ৰ ১৩  শতাংশ মহিলাকহে মাইক্ৰফাইনেন্স ঋণ ৰেহাই দিছে চৰকাৰে। মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিব বুলি জীয়া ফাঁকি দিছিল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ এশ শতাংশ ঋণ ৰেহাই দিয়ক অসমৰ মহিলাক।মুখ্যমন্ত্ৰীক এই ঋণ সকলো মহিলাকে ৰেহাই দিয়াৰ লগতে মহিলাসকলৰ অৰ্থনৈতিক সৱলীকৰণৰ বাবে আঁচনি যুগুত কৰাৰো আমি দাবী জনালোঁ। ইতিমধ্যে চৰকাৰে যি শিপিনীৰ স্বাৱলম্বিতাৰ জৰীপ কৰিছে, সেই জৰীপত পোৱা প্ৰায় ১৬ লাখ শিপিনীক চৰকাৰে সূতাৰ লগতে তাঁতশালৰ উন্নয়নৰ বাবদ সাহায্য দিব লাগে। ছাতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ বব জনা অসমীয়া শিপিনী দক্ষতা বৃদ্ধিৰ বাবে পঞ্চায়তে পঞ্চায়তে প্রশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিবলৈ চৰকাৰক আহ্বান জনালোঁ। গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি মহিলাসকলক মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ লগতে মহিলাসকলৰ দক্ষতা বৃদ্ধিৰ কাম চৰকাৰে সমান্তৰালভাৱে আগবঢ়াই নিবলৈ আহ্বান জনালোঁ। অন্যথা মুখ্যমন্ত্ৰীক পদত্যাগ কৰিবলৈ দাবী জনালোঁ।'  সংবাদমেলত  আপ মহিলা শক্তিৰ যুটিয়া সমন্বয়ক নিলাক্ষী কাকতি ৰাজ্যিক কোষাধক্ষ‍্য পূৰৱী চিকদাৰ, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যা ছঞজুমা বেগম উপস্থিত থাকে।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here