জালুকবাৰীত সৰ্বভাৰতীয় বন শ্বহীদ দিৱসত বনমন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ ঘোষণা ; অসম বন বিদ্যালয়ক উন্নীতকৰণ কৰা হ'ব উৎকৰ্ষতাৰ কেন্দ্ৰলৈ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 11 September 2022

জালুকবাৰীত সৰ্বভাৰতীয় বন শ্বহীদ দিৱসত বনমন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ ঘোষণা ; অসম বন বিদ্যালয়ক উন্নীতকৰণ কৰা হ'ব উৎকৰ্ষতাৰ কেন্দ্ৰলৈ

   কাজিৰঙাত নিৰ্মাণ  হ'ব শ্বহীদ স্মাৰক

W7s news


গুৱাহাটী  : অসম বন বিদ্যালয়খন অতি সুন্দৰ আৰু সুবিধাজনক স্থানত আছে । ইয়াৰ আন্তঃগাঁথনি আৰু অধিক উন্নত কৰি বিদ্যালয়খনক "উৎকৰ্ষতাৰ কেন্দ্ৰ"লৈ  ( Center of Excellence )  উন্নীতকৰণ কৰা হ'ব । এই ঘোষণা অসম চৰকাৰৰ বনমন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ । আজি জালুকবাৰীস্থিত অসম বন বিদ্যালয় চৌহদত অসম বন কৰ্মচাৰী সন্থাৰ উদ্যোগত আৰু পূব কামৰূপ বন সংমণ্ডলৰ সহযোগত অনুষ্ঠিত অষ্টাদশ সৰ্বভাৰতীয় বন শ্বহীদ দিৱসৰ কাৰ্যসূচীত  বন শ্বহীদ বেদীত  শ্ৰদ্ধাঞ্জলি নিবেদন কৰি এই উপলক্ষে বিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ এই ঘোষণা কৰে মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে । সভাত মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে কয়  মই কৰ্তব্যৰ সময়ত প্ৰাণ আহুতি দিয়া  বন শ্বহীদ আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি কৌটি কৌটি  প্ৰণাম জনাইছো । বন শ্বহীদ সকলৰ স্মৃতি চিৰ যুগমীয়া কৰি ৰাখিবলৈ আগন্তক সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চৌহদত এটা শ্বহীদ স্মাৰক নিৰ্মাণ কৰা হ'ব । আনকি সৰ্বভাৰতীয় বন শ্বহীদ দিৱসৰ কাৰ্যসূচী আগন্তক দিনত ইয়াতকৈও অধিক বহল ভিত্তিত অনুষ্ঠিত কৰা হব বুলি মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে ঘোষণা কৰে । আনহাতে  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক কাৰ্যালয়ৰ  গীতাঞ্জলি কলিতা বৰদলৈ  আৰু তেওঁৰ  সংগীবৃন্দই  পৰিবেশন কৰা  সমবেত গীতেৰে শুভাৰম্ভ হোৱা সভাখনত উপস্থিত সকলোকে আদৰণি জনায়  পূব কামৰূপ বন সংমণ্ডলৰ ডি এফ অ' ৰোহিণী বল্লভ শইকীয়াই ।  সভাত সন্মানীয় অতিথি হিচাপে বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক মহেন্দ্ৰ কুমাৰ যাদৱ, বিশিষ্ট অতিথি হিচাপে অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষকত্ৰয়  বিনয় গুপ্তা , সন্দ্বীপ কুমাৰ  আৰু সত্যেন্দ্ৰ সিঙে ভাগ লৈ চমু ভাষণ দিয়ে । আনহাতে অনুষ্ঠানত কৰ্তব্যৰ সময়ত প্ৰাণ আহুতি দিয়া অসমৰ বন বিভাগৰ ১১ টা শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জনোৱা হয় । শেষত শলাগৰ শৰাই আগবঢ়াই অসম বন কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক পুলিন মহন্তই । ইয়াৰ পূৰ্বে পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম বন কৰ্মচাৰী সন্থাৰ সভাপতি ৰাজেন্দ্ৰ শইকীয়াই । শ্বহীদ বেদীত বন্তি  প্ৰজ্বলন কৰে প্ৰধান মুখ্য বন সংৰক্ষক  মহেন্দ্ৰ কুমাৰ যাদবে আৰু শ্বহীদ তৰ্পণ কৰে অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক বিনয় গুপ্তাই । গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক সন্দ্বীপ কুমাৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here