শিলপুখুৰী ৰাজহুৱা নামঘৰত অনিন্দিতা মহিলা সমাজৰ উদ্যোগত প্ৰাক দুৰ্গা পূজা-২০২২ এক্সপ' আৰম্ভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 11 September 2022

শিলপুখুৰী ৰাজহুৱা নামঘৰত অনিন্দিতা মহিলা সমাজৰ উদ্যোগত প্ৰাক দুৰ্গা পূজা-২০২২ এক্সপ' আৰম্ভ

 

W7s


গুৱাহাটী : শিলপুখুৰীৰ ৰাজহুৱা নামঘৰত যোৱা ৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে প্ৰাক দুৰ্গা পূজা-২০২২ এক্সপ'।এই এক্সপ'খন অহা ১৮ছেপ্টেম্বৰলৈ চলিব বুলি এক্সপ'ৰ উদ্যোক্তা লাৱণ্য দাসে জানিবলৈ দিছে।এই সন্দৰ্ভত লাৱণ্য দাসে জানিবলৈ দিয়া যে, এইবাৰৰ মাত্ৰ ১৬খন ষ্টলেৰে এক্সপ' আৰম্ভ কৰা হৈছে। এক্সপ'ত বিভিন্ন ধৰণৰ কাপোৰ কানি, পৰম্পৰাগত  অসমীয়া গহনা,হস্ততাঁত বস্ত্ৰ শিল্পৰ কাপোৰকে ধৰি অন্যান্য সামগ্ৰী লাভ কৰিব।উল্লেখ্য যে, লাৱণ্য দাসে ২০০৭চনত ইণ্টাৰভিনাছ কৰি  ২০১০ত নিজাববীয়াকৈ উদ্যোগ লৈ ৰাজ্যখনৰ এমূৰৰ পৰা সিমূৰলৈ ষ্টল- প্ৰদৰ্শনী অনুষ্ঠিত কৰি আহিছিল।তেখেতৰ অনিন্দিত মহিলা সমাজ আৰু শকুন্তলা চেলফ হেলফ গ্ৰুপ নামৰ দুটাকৈ গ্ৰুপ আছে।চৰকাৰীভাৱে কৰিলে তেখেতে শকুন্তলা চেলফ হেলফ গ্ৰুপৰ জৰিয়তে কৰে যাতে গ্ৰুপৰ মহিলাসকল লাভাম্বিত হয়। ডিআইচিৰ জৰিয়তে তেখেতে বহু ঠাইত প্ৰদৰ্শনী-এক্সপ' অনুষ্ঠিত কৰি আহিছে।বৰ্তমানলৈ চৰকাৰী-বেচৰকাৰীভাৱে প্ৰায় ৩৫খন এক্সপ' অনুষ্ঠিত কৰিছে লাৱণ্য দাসে। তেখেতে এতিয়ালৈকে ডিব্ৰুগড়, গোলাঘাট, দীঘলীপুখুৰী, চানমাৰী কলনি, হিতেশ্বৰ শইকীয়া খেলপথাৰ, জাপৰিগোগকে ধৰি ৰাজ্যখনৰ ভালেমান ঠাইত এক্সপ' অনুষ্ঠিত কৰি ৰাইজৰ পৰা সমাদৰ লাভ কৰিছে।চৰকাৰী উদ্যোগত অনুষ্ঠিত কৰা এক্সপ'সমূহত লাৱণ্য দাসে ১৫০খনলৈ ষ্টল দিয়াৰ কথা আনন্দৰে জানিবলৈ দিয়ে। কৰ্মত অগাধ বিশ্বাসী লাৱণ্য দাসে এনেয়ে বহি থাকিব নোৱাৰে। সেয়েয়ে এনেদৰে এক্সপ'-প্ৰদৰ্শনী অনুষ্ঠিত কৰি অধিক সুখী হয় ।শিলপুখুৰী ৰাজহুৱা নামঘৰত অনুষ্ঠিত প্ৰাক দুৰ্গা পূজা ২০২২এক্সপ'ত ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰা বুলি কোৱাৰ লগতে সমাগত বিশ্বকৰ্মা পূজাত দৰ্শকৰ ব্যাপক সমাগম হ'ব বুলি লাৱণ্য দাসে আশা ব্যক্ত কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here