সেৱা মন্দিৰ ৰাজহুৱা নামঘৰত মেয়ৰ মৃগেন শৰণীয়াক সম্বৰ্ধনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 11 September 2022

সেৱা মন্দিৰ ৰাজহুৱা নামঘৰত মেয়ৰ মৃগেন শৰণীয়াক সম্বৰ্ধনা

 

W7s news ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটীৰ ৰূপনগৰস্থিত সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ উদ্যোগত দেওবাৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াক সম্বৰ্ধনা জনোৱা হয়। সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ সদস্য, নামতী দময়ন্তী ডেকাই আঁত ধৰা সভাখনত সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ সভাপতি মহিমা দাস আৰু সম্পাদক‌ দিপ্তী শৰ্মা আৰু কণমানি শিশু ৰিঅ' আৰ্মিন ডেকাই মেয়ৰ মৃগেন শৰণীয়াক সমৰ্দ্ধনা জনায়। সভাত নামঘৰৰ তৰফৰ পৰা অঞ্চলটোৰ বাট-পথৰ সমস্যা সমাধানৰ লগতে অৰ্ধ্বনিৰ্মিত নামঘৰটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি তোলাৰ বাবে মেয়ৰ মৃগেন শৰণীয়াক এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয়। মেয়ৰ মৃগেন শৰণীয়াই স্মাৰকপত্ৰ খন গুৰুত্ব সহকাৰে গ্ৰহণ কৰে আৰু সমস্যা সমূহ সমাধানৰ আশ্বাস দিয়ে। সভাত সমাজকর্মী ৰাহুল মেধি,


ৰূপনগৰ সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ প্ৰাক্তন সভাপতি, সমাজকর্মী কুমুদ চন্দ্ৰ ডেকাৰ লগতে নামঘৰৰ সদস্য, অঞ্চলটোৰ ৰাইজ উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here