W7s news ষ্টাফৰিপোৰ্টাৰ : দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কালত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কৈছিল নাৰী শক্তিক সন্মান কৰাৰ,নাৰী সৱলীকৰণৰ কথা। কিন্তু সেইদিনাই গুজৰাট চৰকাৰে জঘণ্য দলৱদ্ধ ধৰ্ষণৰ গোচৰত অভিযুক্ত যাৱৎজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত ১১ ধৰ্ষকক জেলৰ পৰা মুকলি কৰি দিয়া ঘটনাটো নাৰীৰ প্ৰতি চৰম অৱমাননা। ন্যায় ব্যৱস্হাৰ প্ৰতি চৰম অন্যায়। এই ঘটনাত বিশ্ববাসীৰ আগত আমি লজ্জানত হৈছো। বলাৎকাৰীক ৰেহাই নহয় পুনৰ জেললৈ ঘূৰাই পথোৱাৰ দাবীত আৰু বিলকিচ বানুৰ প্ৰতি ন্যায় প্ৰদানৰ দাবীত ইতিমধ্যে নাৰী সংগঠন আৰু মানৱ অধিকাৰ সংগঠনসমূহে দাবী তুলিছে-এইদৰে কয়অসম মহিলা সংঘৰ সাধাৰণ সম্পাদক অসমী গগৈয়ে। তেওঁ লগতে কয়-মঙলবাৰে দেশৰ অগ্ৰণী সংগঠন ভাৰতীয় মহিলা ফেডাৰেচনে বিলকিচ বানুৰ প্ৰতি ন্যায় প্ৰদানৰ দাবীত ,সংবিধানত নাৰীৰ আইনী অধিকাৰ সুৰক্ষিত ৰখাৰ বাবে দেশজোৰা বিক্ষোভৰ আহ্বান জনায়। এই আন্দোলনৰ প্ৰতি সংহতি জনাই অসম মহিলা সংঘই গুৱাহাটীকে ধৰি কেইবাখনো জিলাত বিক্ষোভ কৰি দেশৰ মহামান্য ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। এই মৰ্মে গুৱাহাটীৰ ৰাজগড় ৰোডৰ ৬নং বাইলেনৰ কাষত মহিলা সংঘৰ কৰ্মীসকলে বেনাৰসহ হাতে হাতে দাবী সম্বলিত প্লে কাৰ্ড লৈ দলৱদ্ধ ধৰ্ষণত অভিযুক্ত অপৰাধীহঁতক পুনৰ গ্ৰেপ্তাৰৰ দাবীত শ্লোগান দিয়ে। ইয়াৰোপৰি ৰাজ্যিক অভিবৰ্তনত গৃহীত দহদফীয়া দাবীচনদ এখন অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।
Post Top Ad
Responsive Ads Here
Tuesday, 6 September 2022

বিলকিচ বানুৰ প্ৰতি ন্যায় প্ৰদানৰ দাবীত নাৰী সংগঠনৰ প্ৰতিবাদ
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment