লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰলৈ আই এছ অ' প্ৰমানপত্ৰ প্ৰদান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 14 September 2022

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰলৈ আই এছ অ' প্ৰমানপত্ৰ প্ৰদান

 






W7s news গুৱাহাটী: উত্তৰ পূৱৰ প্ৰথমটো আন্তৰ্জাতিক বিমানবন্দৰ হিচাপে পৰিচিত  গুৱাহাটীৰ  বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰলৈ বিগত সময়চোৱাত কেবাটাও ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে  তিনিটা দিশত  অতি সন্মানীয় বুলি পৰিচিত 'আই এছ অ'  প্ৰমান পত্ৰ প্ৰদান কৰা হৈছে। মূলতঃ বিমানকোঠৰ বিভিন্ন দিশৰ গুনগত মানদণ্ডৰ ওপৰত নিৰ্ধাৰণ কৰি এই প্ৰমান পত্ৰ প্ৰদান কৰা হৈছে।  উল্লেখযোগ্য যে ভেক্সিল বি পি এচ নামৰ  ৰাষ্ট্ৰীয় পৰ্যায়ৰ  সংস্থাটোৱে  প্ৰত্যেক তিনি বছৰৰ মূৰে-মূৰে এই প্ৰমাণ  পত্ৰ প্ৰদান কৰে। তিনিটা বিভাগ ক্ৰমে বিমানকোঠৰ কাৰ্যবাহী বিভাগ, পৰিবেশ বিভাগ আৰু পেচাগত স্বাস্থ্য আৰু সুৰক্ষাৰ ক্ষেত্ৰত এই প্ৰমান পত্ৰ প্ৰদান কৰিছে ।  প্ৰমানপত্ৰৰ নম্বৰসমূহ ক্ৰমে আই এছ অ' ৯০০১-২০১৫, ১৪০০১:২০১৫,১৪০০১:২০১৫( ISO 9001-2015, 14001:2015) আৰু ৪৫০০১-২০১৮ (45001-2018)। আনহাতে প্ৰমাণ পত্ৰ লাভ কৰি গুৱাহাটী  বিমানবন্দৰৰ  মুখ্য বিমানকোঠ  বিষয়া  উৎপল বৰুৱাই কয়   " আমি যোৱা বছৰৰ অক্টোবৰ মাহত  বিমানবন্দৰটোৰ  দায়িত্ব গ্ৰহণ কৰাৰ পাছত  বিমানকোঠৰ সৰ্বাংগীন উন্নতি সাধন কৰাই আছিল প্ৰধান  উদেশ্য। আজি সেই উদেশ্য সাকাৰ ৰূপ  লাভ কৰাৰ পথ প্ৰশস্ত হৈছে। তাৰ বাবে বিমানকোঠত অতি আন্তৰিকতাৰে কাম কৰি থকা আমাৰ বিষয়া-কৰ্মচাৰীসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ কৰ্মদক্ষতা  আৰু মনোবলৰ অবিহনে এই পত্ৰ লাভ কৰাটো অসম্ভৱ হলহেঁতেন বুলি উৎপল বৰুৱাই সদৰি কৰে । উল্লেখযোগ্য যে এই তিনি বছৰীয়া প্ৰমাণ পত্ৰৰ ম্যাদ ২০২৫ চনৰ ২ ছেপ্টেম্বৰলৈ থাকিব ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here