W7s news গুৱাহাটী : মহানগৰীৰ পাঞ্জাবাৰিস্থিত কৰ্ম হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ উমাচৰণ বণিয়া লাইব্ৰেৰী আৰু শিক্ষা কেন্দ্ৰৰ উদ্যোগত আজি ৯০ সংখ্যক উমাচৰণ বণিয়াৰ জন্ম বাৰৰ্ষিকীৰ লগত সংগতি ৰাখি এটি বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় ৷ অনুষ্ঠানত বি. বৰুৱা কলেজৰ দৰ্শন বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপিকা ড° মাইনা শৰ্মাই সাম্প্ৰতিক সময়ত আধ্যাত্মিকতাৰ আকৰ্ষণ সম্পৰ্কত বক্তৃতা প্ৰদান কৰি কয় যে আধ্যাত্মিকতাই মানৱ অধিকাৰৰ ওপৰত গুৰুত্ব দিয়ে ৷ অধ্যক্ষা ড° শিখামণি কোঁৱৰে অভ্যাগত সকলক আদৰণি জনায় আৰু উমাচৰণ বণিয়াৰ জীৱনৰ ওপৰত আলোকপাত কৰে ৷ অনুষ্ঠানৰ পূৰ্বে উমাচৰণ বণিয়াৰ সহধৰ্মিনী আৰু পুত্ৰ কুমাৰ সঞ্জয়কৃষ্ণই উমাচৰণ বণিয়াৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি আৰু প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ৷ অনুষ্ঠানটিৰ আঁত ধৰে ড° মৰমী চৌধুৰীয়ে আৰু শলাগৰ শৰাই আগবঢ়ায় ড° কানন মেধিয়ে ৷
Post Top Ad
Responsive Ads Here
Tuesday, 13 September 2022

কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত বক্তৃতানুষ্ঠান
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment