পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ আছু গোট গঠন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 13 September 2022

পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ আছু গোট গঠন

 





W7s news গুৱাহাটী:: মহানগৰীৰ ধাৰাপুৰ চাৰিআলিস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ আছু গোটৰ বাৰ্ষিক অধিবেশনখন কালি অনুষ্ঠিত হোৱাৰ লগতে আছু গোটটো আনুষ্ঠানিক ভাৱে গঠন কৰা হয় । মহাবিদ্যালয় আছু গোটৰ সভাপতি সৌৰভ কাকতিৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে উপস্থিত সকলোকে আদৰণি জনাই উদ্দেশ্য ব্যাখ্যা কৰে ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক অংকুৰ কলিতাই । কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি পৰৱৰ্তী কাৰ্যকালৰ বাবে ঋত্বিকৰাজ কলিতাক সভাপতি , যুগল কলিতাক সাধাৰণ সম্পাদক আৰু উপকূল দাসক বিত্ত সম্পাদক হিচাপে লৈ ৬১ জনীয়া কাৰ্যকৰী সমিতিখন গঠন কৰা হয় । তদুপৰি সভাত বিগত বর্ষৰ পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী জিলমিল ৰূপালী জোনাক আৰু মৌচুমী দাস , শ্ৰেষ্ঠ সমাজ সেৱিকা লিম্পি ডেকা আৰু শ্ৰেষ্ঠ এন চি চি কেডাৰ সুমন দাসক আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয় । সভাত সদৌ কামৰূপ মহানগৰ জিলা ছাত্র সন্থাৰ সভাপতি ৰজমিল আলী, সদৌ গুৱাহাটী ছাত্র সন্থাৰ সভাপতি আনোৱাৰ হুছেইন , উপ-সভাপতি হৃষীকেশ দত্ত, বিত্ত সম্পাদক নিতু ৰাজবংশী, কার্যনিৰ্বাহক সদস্য ৰঞ্জন কলিতা, পশ্চিম গুৱাহাটী ছাত্র সন্থাৰ সভাপতি জিন্টুমণি শৰ্মা, সাধাৰণ সম্পাদক ডিম্পল মেধি উপস্থিত থাকে ।       

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here