জি আই টিৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত বিধায়ক ৰূপক শৰ্মা বৰ্তমান দক্ষতাৰ ভিত্তিত চৰকাৰী চাকৰিত নিযুক্তি চলিছে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 13 September 2022

জি আই টিৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত বিধায়ক ৰূপক শৰ্মা বৰ্তমান দক্ষতাৰ ভিত্তিত চৰকাৰী চাকৰিত নিযুক্তি চলিছে

 


W7s news গুৱাহাটী :: মহানগৰীৰ বামুণীমৈদামস্থিত কাৰিকৰী শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান জি আই টিৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি পালন কৰা হয়। অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত প্রতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেত্রী মলয়া গোস্বামী, ডিএ নিউজ-প্লাচৰ মুখ্য সম্পাদক প্ৰণয় বৰদলৈ, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শ‍ইকীয়া, বিশিষ্ট উদ্যোগী পৱন আগৰৱালা, লেখিকা-অভিনেত্রী ড° আকাশীতৰা। ভাষণ প্ৰসংগত ৰূপক শৰ্মাই কয় যে, বর্তমান দক্ষতাৰ ভিত্তিত চৰকাৰী চাকৰিত নিযুক্তি চলিছে।' দক্ষ হিচাপে নিজকে পৰিচয় দিবলৈ ছাত্ৰ-ছাত্ৰীক আহ্বান শৰ্মাৰ। জি আই টিৰ ২৩ বছৰীয়া বৰ্ণিল যাত্ৰাৰ স্বৰ্ণিল স্মৃতি সোঁৱৰণ কৰে প্ৰণয় বৰদলৈ, মলয়া গোস্বামীয়ে। সাংবাদিক নিতুমণি শ‍ইকীয়াই স্মৃতিচাৰণ কৰে জি আই টিৰ প্ৰতিষ্ঠাপক সঞ্জীৱ গোস্বামীৰ সাংবাদিকতা আৰু সপোন দেখাৰ মানসিকতা । এই অনুষ্ঠানতে দুই ছাত্ৰক ২০২১ আৰু ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ ছাত্ৰ বঁটা প্ৰদান কৰে। বিভিন্ন স্থানত কৰ্মৰত কেইবাগৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক সম্বর্ধনা জনাই জি আই টিৰ সঞ্চালিকা ৰুবিমা শৰ্মা গোস্বামীয়ে। নগাঁও জি আই টিৰ শিক্ষক, ছাত্র-ছাত্রী উপস্থিত থকা প্ৰতিষ্ঠা দিৱসত বিয়লি ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক কাৰ্যসূচীৰে অন্ত পৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here